Overblog
Edit post Follow this blog Administration + Create my blog

খৰ-খজুৱতিৰ ৰামবাণ "খৰপাত"(Ringworm and itching solution Senna Alata

আমাৰ অসম ৰাজ্যখন যেনেকৈ খনিজ আৰু বনজ সম্পদত চহকী,ঠিক তেনেদৰে ই বিভিন্ন বনৌষধিৰে আৱৰি থকা এখন চহকী ৰাজ্য।

আজি আমি ইয়াত এনে এবিধ বনৌষধিৰ বিষয়ে আলোচনা কৰিব লৈছোঁ, যাক আমি অসমৰ প্ৰতিটো প্ৰান্ততে অতি সহজতে দেখা পাওঁ আৰু এই বনৌষধি উদ্ভিদ জোপাৰ নাম হৈছে"খৰপাত"।ইয়াক কিছু কিছু ঠাইত "খৰগছ" বুলিও কয়।
উদ্ভিদ বিজ্ঞানৰ ভাষাত 
ইয়াক Senna alata বা Cassia alata বুলি কোৱা হয়।
এই বনৌষধি জোপা মাটিৰ পৰা ৪-৫ ফুট পৰ্য্যন্ত ওখ হোৱা দেখা যায়।ইয়াৰ ফুলবোৰ হালধীয়া বৰণৰ হয় আৰু ইহতক ছেপ্টেম্বৰ-অক্টোবৰ মাহত ফুলা দেখা যায়।
সাধাৰণতে ৰাষ্টা আৰু মথাউৰি আদিৰ দাতিকাষৰীয়া ঠাইবোৰত ইয়াক বেছিকৈ হোৱা দেখা যায়।
এই খৰপাত বনৌষধিজোপা প্ৰধানকৈ বিভিন্ন ধৰণৰ চৰ্মৰোগ যেনে-
খৰ-খজুৱতি, ডাদু,বেচু আদি নিবাৰণৰ বাবে ব্যৱহাৰ কৰা হয়।
এই বনৌষধি উদ্ভিদ জোপাৰ পাতবোৰ বেক্টেৰিয়া আৰু ভেকুৰ প্ৰতিৰোধী (Antibacterial and Antifungal)গুণাগুণেৰে পৰিপুষ্ট।পাতৰ নিচিনাকৈ ইয়াৰ ফুল আৰু গুটিবোৰো বিভিন্ন ঔষধি গুণেৰে পৰিপুষ্ট।
    ছালত হোৱা ঘূৰণীয়া আকাৰ খৰ বা ডাদুৰ( টিনিয়া কৰপৰিছ-Tinea Corporis, Body Ringworm) 
নিবাৰণত ই এক ৰামবাণৰ দৰে কাম কৰে।

ব্যৱহাৰ কৰাৰ নিয়ম:
----------------------

আধা মগমান "খৰপাত"ৰ পাত মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ পিচি লৈ এটা ধুনীয়া পেষ্ট বা প্ৰলেপ বনাব আৰু তাৰপিছত একাপ মান নাৰিকল তেল এই প্ৰলেপ খিনিৰ লগত ভালকৈ মিহলাই আন এক সংমিশ্ৰিত প্ৰলেপ তৈয়াৰ কৰি লব।
এতিয়া খৰপাতৰ পাত আৰু নাৰিকল তেলৰ সংমিশ্ৰিত প্ৰলেপটো আপোনাৰ ব্যৱহাৰৰ উপযোগী হৈ উঠিব।
এই প্ৰলেপটো ব্যৱহাৰ কৰাৰ আগতে, খৰ হোৱা ঠাইবোৰ ভালকৈ ধুই লৈ এখন শুকান কটন কাপোৰেৰে মুচি লব।এনেকৈ এই সংমিশ্ৰিত 
প্ৰলেপটো খৰ হোৱা ঠাইবোৰত দিনত ৩ বাৰকৈ লগাব-ৰাতিপুৱা, আবেলি আৰু ৰাতি দুই সপ্তাহ সময়লৈকে।

সামৰণি:
---------

আমাৰ ৰাজ্যখন যিদৰে বিভিন্ন বনৌষধি ক্ষেত্ৰত চহকী, কিন্তু আমিবোৰ এইবোৰৰ প্ৰতি এতিয়াও অজ্ঞ।একমাত্ৰ আমাৰ অজ্ঞতাৰ বাবেই বহুতো বনৌষধি দিনক দিনে আমাৰ মাজৰ পৰা হেৰাই গৈ আছে।ইয়াৰবাবে আমিবোৰে উচিত সময়ত উচিত ব্যৱস্থা গ্ৰহণ কৰি এই বনৌষধিবোৰৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে,যাতে এই বনৌষধি উদ্ভিদবোৰ আমাৰ মাজত সদায় থাকি যায়।

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল, নলবাৰী(অসম)

মবাইল: ৬০০০৬৭২১৮৫

ৱাটচ্ আপ: ৯০৮৫৮৫৯৭৫২

ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: