Overblog
Edit post Follow this blog Administration + Create my blog

ক্ৰীড়াজনীত আঘাত আৰু হোমিঅপ্যেথি(Sports Injuries & Homoeopathy)

ক্ৰীড়াজনীত আঘাত আৰু হোমিওপ্যেথি 
--------------------------------------------

ক্ৰীড়া হল মানৱ জীৱনৰ এক অভিন্ন অংগ । নিয়মীয়াকৈ খেলাধূলা কৰি থাকিলে, আমাৰ দেহ মন সকলো ভালে থাকে । উঠি অহা লৰা-ছোৱালীসকলৰ বাবে বিভিন্ন ধৰণৰ খেলা ধূলা যেনে- ফুটবল, ভলীবল,দৌৰা,লং জাম্প,হাই জাম্প আদিবোৰ  শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে অত্যন্ত জৰুৰী।
কিন্তু এই খেলা ধূলাবোৰৰ মাজতে তেওঁলোকে কেতিয়াবা কিছুমান ক্ৰীড়াজনীত আঘাতত ভোগ কৰিব লগীয়া হয় আৰু আজি
আমি সেই ক্ৰীড়াজনীত আঘাতবোৰৰ হোমিওপ্যেথি চিকিৎসাৰ বিষয়ে আলোচনা কৰিম ।

১) পৰি আঘাত পালে----

খেলা-ধূলাবোৰ মাজতে মজিয়াত পৰি আঘাত পোৱাটো এক সাধাৰণ পৰিঘটনা। পৰি আঘাত পালে সাধাৰণতে ঠেতেলা খোৱা যায়। ঠেতেলা খালে আঘাত পোৱা অংশত কেতিয়াবা টেমুনা বা কেতিয়াবা আঘাত পোৱা অংশত তেজ মৰহি অলপ কলা বৰণীয়া হৈ পৰে।এনে আঘাতত হোমিওপ্যেথিক দৰৱ 
Arnica Montana য়ে অতি উত্তম কাম কৰি আঘাত সোনকালে নিৰাময় কৰে।

২)পৰি চোচৰি আঘাত পালে-

পৰি চোচৰি  পোৱা আঘাতত সাধাৰণতে মাখি ছাল উঠি ঠাইডোখৰ অলপ ৰঙছোৱা হৈ পৰে আৰু তাত অলপ জ্বলন অনুভৱ হয়। এনেকুৱা আঘাতক চিকিৎসা বিজ্ঞানৰ ভাষাত এব্ৰেচন( Abrasion ) বুলি কোৱা হয়।
এনে আঘাত সমূহৰ ওপৰত হোমিওপ্যেথি দৰৱ Calendula Q এটুকুৰা 
কপাহেৰে এক সপ্তাহ  বাহ্যিকভাৱে লগালে সুফল পোৱা যায় ।

৩) খেলাধূলাৰ মাজত পোৱা মাংসপেশীৰ আঘাত-

খেলাধূলা সমূহৰ মাজত খেলৱৈসকলৰ প্ৰায়ে মাংসপেশী টান মৰা দেখা যায়।এনেবোৰ আঘাতক ইংৰাজীত "Muscular Strain Injury" বুলি কোৱা হয়। ক্ৰিকেটাৰ,ফুটবলাৰ,দৌৰবিদ আৰু টেনিছ খেলৱৈসকলৰ মাজত প্ৰায়ে Hamstring Muscle Injury দেখা যায়।
এই মাংসপেশী টান খোৱা আঘাতসমূহৰ বাবে হোমিওপ্যেথিক দৰৱ 
Rhustox একেবাৰে উত্তম, যিয়ে অতি সোনকালে এনেধৰণৰ আঘাত সমূহ নিৰাময় কৰিব পাৰে।

৪)ভৰি মোচকা খোৱা-

খেলৰ মাজত দৌৰাদৌৰি কৰোতে প্ৰায়ে ভৰি নাইবা হাত মোচকা খোৱা দেখা যায়। এনেকুৱা ধৰণৰ আঘাতত হোমিওপ্যেথি দৰৱ Ruta বা কেতিয়াবা Rhustox
দিয়া হয়।

এইদৰে হোমিওপ্যেথিক চিকিৎসা পদ্ধতি ক্ৰীড়া  ক্ষেত্ৰতো সফলভাবে প্ৰয়োগ কৰি ভাল ফল লাভ কৰিব পাৰি।

   উপৰত উল্লেখ কৰা হোমিওপ্যেথিক দৰৱসমূহ কোনোবা অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰাটো ভাল।

লিখক-

ডা‌ঃ নয়নজ্যোতি হাজৰিকা
BHMS (Gau), PGDYN ( KKHSOU)

হোমিওপ্যেথিক আৰু যোগ চিকিৎসক,
নলবাৰী(অসম)
Phone- 6000672185
What's app- 9085859752
Email- nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: