Overblog
Edit post Follow this blog Administration + Create my blog

কৰঙণত হোৱা খজুৱতি::টিনিয়া ক্ৰুউৰিছ বা জক ইটচ্(Tinea Cruris or Jock Its )আৰু ইয়াৰ প্ৰতিকাৰ
কৰঙণত হোৱা খজুৱতি::টিনিয়া ক্ৰুউৰিছ বা জক ইটচ্(Tinea Cruris or Jock Its )আৰু ইয়াৰ প্ৰতিকাৰ

টিনিয়া ক্ৰুউৰিছ(Tinea Cruris)এবিধ ভেকুৰৰ পৰা হোৱা ছালৰ ৰোগ। ইয়াক প্ৰধানকৈ আমাৰ শৰীৰৰ কৰঙণ অংশত হোৱা দেখা পোৱা যায়।এই ৰোগবিধ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।দৰাচলতে অত্যন্ত টাইট আন্দাৰৱেৰ পিন্ধা ঠাইখিনিত সৃষ্টি হোৱা একপ্ৰকাৰৰ ঘর্ষণৰ ফলত উদ্ভৱ হোৱা গৰম আৰু মানুহজনৰ ঘামৰ মিশ্ৰণত সদায় সেই ঠাইখিনি অলপ সেমেকি থাকে।এইকাৰণে কিছুমান ভেকুৰ তাত উৎপত্তি হয় আৰু সেই ভেকুৰৰ আক্ৰমণৰ ফলত কৰঙণৰ সেই ঠাইখিনিত প্ৰথমতে অলপ ঘামুচি সদৃশ সৰু সৰু গুটি গুটিৰ সৃষ্টি হয়। কৰঙণৰ ছালৰ ওপৰত থকা এই গুটিসমূহ পিছলৈ অত্যন্ত খজুৱাব লৈ শেষলৈকে এইবোৰ কিছুমান খৰলৈ ৰূপান্তৰিত হয়।এই খৰবোৰত সৃষ্টি হোৱা খজুৱতিৰ বাবে তাৰ পৰা অলপ আঠা পানী আৰু সামান্য দূৰ্গন্ধ বাহিৰ হয়।অলপ শাৰীৰিক পৰিচ্ছনতা (Personal Hygiene)ভালকৈ বজাই ৰাখি এই ৰোগবিধৰ পৰা পৰিত্ৰাণ সহজতে পাব পাৰি।

------------
কাৰণ‌ঃ
------------

Trichophyton  mentographytes নামৰ একপ্ৰকাৰৰ ভেকুৰৰ পৰা এই ৰোগবিধৰ সৃষ্টি হয়।

১)প্ৰধানকৈ যিবিলাক ব্যক্তি সেমেকা ঠাইত বসবাস কৰে,তেওঁলোক টিনিয়া ক্ৰুউৰিছ নামৰ এইবিধ ভেকুৰজনীত ৰোগৰদ্বাৰা সহজতে আক্ৰান্ত হয়।

২)যিবিলাক ব্যক্তিয়ে গা ধুই উঠি ভালকৈ গা নুমুছে।

৩)যিসকল ব্যক্তিয়ে সদায়ে অত্যন্ত টান বা টাইট আন্দাৰৱেৰে পৰিধান কৰে।

৪) যিসকল ব্যক্তিয়ে এটা আন্দাৰৱেৰে ভালদৰে পৰিস্কাৰ নকৰাকৈ একেৰাহে দুই বা তিনিদিন মানলৈ পৰিধান কৰি থাকে।

আনবোৰ প্ৰভাৱ পেলাব পৰা কাৰকসমূহ(Other Predisposing Factors):

ক) লিংগ- পুৰুষৰ ক্ষেত্ৰত এই ৰোগবিধ বেছিকৈ হোৱা দেখা যায়।

খ)বয়স- ডেকা আৰু আদহীয়া পুৰুষৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।

গ)বেছিকৈ ঘাম বাহিৰ হোৱা মানুহৰ ক্ষেত্ৰত।

ঘ) যিসকল ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম,তেনে ব্যক্তিৰ ক্ষেত্ৰত সহজতে হোৱা দেখা যায়।

ইয়াৰোপৰি এই ৰোগবিধ  আক্ৰান্ত ব্যক্তি এজনৰ পৰা সুস্থ মানুহ এজনৰ শৰীৰলৈ বিয়পিৱ পাৰে যদিহে সুস্থ ব্যক্তিজনে টিনিয়া ক্ৰুউৰিছ আক্ৰান্ত ব্যক্তিজনৰ টাৱেল,পেণ্ট্ আদি ব্যৱহাৰ কৰে।

--------------------------
আপোনাৰ কৰণীয়::
--------------------------

১)আন্দাৰৱেৰ পৰিধান কৰা ঠাইখিনি সদায় পৰিস্কাৰ আৰু শুকান কৈ ৰাখিব। গা ধোৱাৰ পিছত আৰু কিবা ব্যায়াম কৰাৰ পিছত নিজৰ নিম্নাংশ সদায় এখন পৰিস্কাৰ টাৱেলেৰে ভালদৰে শুকানকৈ মুচিব।গা ধোৱাৰ পিছত সদায় আপোনাৰ গোটেই শৰীৰটো ভালদৰে পৰিস্কাৰ তথা এখনি শুকান কাপোৰৰ দ্বাৰা মুচিব।
ভৰি মুচা কপোৰেৰে গা নুমুছিব।

২)সদায় সম্পূৰ্ণ পৰিস্কাৰ আন্দাৰৱেৰ, গেঞ্জী,চাৰ্ট আদি পৰিধান কৰিব।

৩) সদায় ভালকৈ ফিটিং হোৱা আন্দাৰৱেৰ ব্যৱহাৰ কৰিব।

৪)কেতিয়াও আধা তিতা,আধা শুকান কাপোৰ পৰিধান নকৰিব।

৫) পৰিধান কৰা কাপোৰবোৰ সদায় এবাৰ ডেটল পানীৰে ধুই দিব।

৬)নিজৰ কাপোৰ কেতিয়াও আনক পৰিধান কৰিব নিদিব আৰু লগতে বেলেগৰ কাপোৰ আনিও নিজে পৰিধান নকৰিব।

৭)গ্ৰীষ্মকালত সদায় পৰিস্কাৰ কপাহী সূতাৰে বনোৱা 
কাপোৰহে পৰিধান কৰিব।নাইলন,পলিষ্টাৰ আদিৰ কাপোৰ পৰিধান নকৰিব।

৮)গা ধুবলৈ ৰাজহুৱা পুখুৰী ব্যৱহাৰ নকৰিব।

৯) ঘৰৰ চাৰিওকাষটো সদায় চাফ চিকুণ ৰাখিব আৰু সেমেকা সেমেকা ভাৱটো আহিব নিদিব।


ঘৰুৱা চিকিৎসা ::
----------------------

এলোভেৰা গছৰ পাতৰ পৰা এবাটি মান জেল উলিয়াই লৈ তাত আধা মগ নিমপাত মিহলাই লব।এতিয়া তাত দুই টুকুৰা কেচা হালধী মিহলাই লব।তাৰ পিছত গোটেইখিনি মিশ্ৰণ কৰি লৈ এটা পেষ্ট বনাব। এইটো পেষ্ট কৰঙণৰ যি ঠাইত খজুৱতি হৈছে, তাত দিনত ২ বাৰকৈ লগাব-ৰাতিপুৱা আৰু আবেলি।এই পেষ্টটো প্ৰতিবাৰতে কৰঙণত ৩০ মিনিটলৈ ৰাখি পিছত ভালকৈ ধুই দি এখন পৰিস্কাৰ শুকান কাপোৰেৰে শুকানকৈ মুচি দিব।

টিনিয়া ক্ৰুউৰিছৰ হোমিঅপ্যেথিক চিকিৎসা(Homoeopathic treatment of Tinea Cruris):::
--------------------------------------

ৰোগী এজনৰ লক্ষণৰ ওপৰত ভিত্তি কৰি তলত দিয়া হোমিঅপ্যেথিক ঔষধসমূহ টিনিয়া ক্ৰুউৰিছৰ চিকিৎসাৰ সময়ত বেছিকৈ ব্যৱহৃত হয়-

i)ব্ৰিম ষ্টন(Bream stone): শৰীৰৰ কৰঙণ অংশখিনিত যদি অত্যন্ত খজুৱতি থাকে আৰু খজুৱতি হোৱা ঠাইখিনিৰ মাখি ছাল উঠি আহে আৰু ইয়াৰোপৰি এই খজুৱতি ৰাতি বেছিকৈ হলে হোমিঅপ্যেথিকৰ ব্ৰিম ষ্টন(Bream stone) নামৰ ঔষধবিধ প্ৰদান কৰা হয়।

ii) গ্লবাৰ চল্ট্(Glabur's Salt): টিনিয়া ক্ৰুউৰিছ হলে কৰঙণৰ খজুৱতি পানী লাগিলে বা বৰষুণৰ বতৰত যদি বেছি হয়,তেন্তে গ্লবাৰ চল্ট্(Glabur's Salt) নামৰ ঔষধবিধ প্ৰদান কৰা হয়।

iii)গ্ৰেফাইটিছ(Graphites):
 
টিনিয়া ক্ৰুউৰিছ হলে কৰঙণৰ ঠাইখিনিৰ অত্যন্ত খজুৱতিৰ ফলত যদি তাৰ পৰা আঠা পানীৰ বাহিৰ হৈ সামান্য দুৰ্গন্ধৰ অনুভৱ হয়।তেতিয়া তেওঁক গ্ৰেফাইটিছ(Graphites) নামৰ ঔষধবিধ প্ৰদান কৰা হয়।

 ইয়াৰোপৰি ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি কিছু কিছু ব্যক্তিক বেচিলিনাম,টেলুৰিয়াম আদি ঔষধ প্ৰদান কৰা হয়।
এজন ভাল আৰু 
অভিজ্ঞতাপুষ্ট হোমিঅপ্যেথিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগী এজনে এই ঔষধসমূহ ব্যৱহাৰ কৰিব পাৰে।


লিখক ::
ডাঃ নয়নজ্যোতি হাজৰিকা
BHMS(GU), 
PGDYN (KKHSOU)

গোৱৰাদল, নলবাৰী(অসম)

মবাইল-৬০০০৬৭২১৮৫
ৱাটচ্ আপ-৯০৮৫৮৫৯৭৫২
ইমেইল-
nayanfz@gmail.com

Instagram:

https://www.instagram.com/nayanjyoti238061?r=nametag

Share this post
Repost0
To be informed of the latest articles, subscribe: