Overblog
Edit post Follow this blog Administration + Create my blog

স্তনপানৰ এক সমস্যা : এগেলেকটিয়া আৰু ইয়াৰ প্ৰতিকাৰ

 স্তনপানৰ এক সমস্যা : এগেলেকটিয়া আৰু ইয়াৰ প্ৰতিকাৰ

Diminished mother's milk secretion during Breastfeeding(Agalactia) & it's Solution.

 

শিশু এটাৰ জন্মৰ পিছত যেতিয়া শিশুটিয়ে প্ৰথমবাৰৰ বাবে মাকৰ গাখীৰ পান কৰে,সেই সময়ত মাতৃ গৰাকীৰ মনত অহা অনুভৱটোৱে সুকীয়া হয় আৰু এই অনুভৱ কাৰো সৈতে তুলনা কৰিব নোৱাৰি। মাকৰ গাখীৰ শিশু এটাৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ বাবে অতি জৰুৰী।ই শিশুটিক শাৰীৰিক আৰু মানসিক পুষ্টি যোগান ধৰাৰ লগতে বিভিন্ন ৰোগৰ বিপক্ষে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।শিশু এটা জন্ম পোৱাৰ প্ৰথম ছয় মাহলৈ মাকৰ গাখীৰে হৈছে শিশুটিৰ বাবে একমাত্ৰ আৰু প্ৰধান খাদ্য।প্ৰথম ছয় মাহ কালছোৱাত শিশুটিক মাকৰ গাখীৰৰ বাহিৰে অন্য কোনো বাহ্যিক খাদ্য খোৱাব নালাগে।

সেইবাবে শিশুটি জন্মৰ পিছত চিকিৎসালয়ৰ পৰা বিদায় লোৱাৰ মূহুৰ্তত ডিছাৰ্জ পেপাৰত চিকিৎসকে এইবুলি লিখি দিয়ে -"Exclusive Breastfeeding Upto first Six month of age"অৰ্থাৎ জন্মৰ পৰা প্ৰথম ছয় মাহ পৰ্য্যন্ত শিশুটিক মাকৰ গাখীৰহে প্ৰধানকৈ খোৱাব।এতিয়া আহো মূল কথালৈ।মাকৰ গাখীৰ শিশুটিৰ বাবে অমৃতৰ সমান। কিন্তু এই মাকৰ গাখীৰে শিশু এটি জন্মৰ পিছত তেওঁৰ শিশুটিক ভালকৈ খোৱাবলৈ কিছুমান মাকৰ ক্ষেত্ৰত নাথাকে। এই সমস্যাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত এগেলেকটিয়া(Agalactia- Diminished mother's milk secretion during Breastfeeding) বুলি কোৱা হয়।

 

এগেলেকটিয়া(Agalactia)ৰ কাৰণসমূহ:

(Diminished mother's milk secretion during Breastfeeding----causes)

-------------------------------------------------

১)হৰমনেল ইমবেলেঞ্চ (Hormonal imbalance)-শিশু প্ৰসৱৰ পিছত মাতৃ গৰাকীৰ স্তনত গাখীৰ উৎপন্ন হোৱা প্ৰক্ৰিয়া টো হৈছে সম্পূৰ্ণ হৰমন সম্পৰ্কীয় প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত প্ৰধানকৈ প্ৰলেক্টিন(Prolectin) আৰু অকচিটচিন্(Oxytocin)নামৰ দুবিধ জড়িত হৈ থাকে।প্ৰলেক্টিন(Prolectin)হৰমন বিধে মাতৃ দেহত গাখীৰ উৎপাদনত সহায় কৰে আৰু অকচিটচিন্(Oxytocin) নামৰ হৰমনবিধে মাতৃ গৰাকী ৰ স্তনত থকা গাখীৰৰ নলীসমূহত গাখীৰ যোগান ধৰাত সহায় কৰে।অকচিটচিন্(Oxytocin)এনেই মূলতঃ সন্তান প্ৰসৱৰ সময়ত জৰায়ুৰ সংকোচন প্ৰসাৰন আৰু প্ৰসৱৰ পিছত মাতৃ দেহৰ পৰা ফুল (Placenta) বাহিৰ কৰি অনাত সহায় কৰে।কিছুমান কাৰণৰ বাবে সন্তান প্ৰসৱ কৰা মূহুৰ্তত এই দুটা হৰমন মাতৃ গৰাকীৰ শৰীৰত সঠিক মতে উৎপন্ন নহয়।ফলত মাতৃ গৰাকী স্তনৰ পৰা ঠিকমতে গাখীৰ নিৰ্গত নহয় বা একেবাৰে নোলায়।

 

২)সন্তান প্ৰসৱৰ পিছত মাতৃ স্তনৰ পৰা গাখীৰ নিৰ্গত হোৱাটো বহু পৰিমাণে মাতৃ গৰকীৰ মানসিক স্থিতিৰ (Psychological status) ওপৰত নিৰ্ভৰ কৰে। সন্তান প্ৰসৱৰ পিছত সঠিক মতে গাখীৰ নিৰ্গত হব নে নহয় সেইটো ভাৱি চিন্তি ভয় খাই থাকিলে পিছত এইবোৰে গাখীৰ উৎপাদনত প্ৰভাৱ পেলায় আৰু ফলস্বৰূপে মাতৃ গৰাকীৰ গাখীৰ কম পৰিমাণে উৎপন্ন হয়।সেইবাবে গৰ্ভৱতী অৱস্থাত আৰু সন্তান প্ৰসৱৰ পিছৰ সময়ছোৱাত মাতৃ গৰাকীয়ে যোগাত্মক মানসিক দৃষ্টিভংগী ( Positive Mental Attitude) এটা ৰাখিব লাগে।

 

৩) মাতৃ গৰাকীৰ থাইৰয়দ গ্ৰন্থি আৰু থাইৰয়দ হৰমনৰ কোনো সমস্যা থাকিলে।

 

৪) মাতৃ গৰাকী যদি প্ৰসৱৰ আগৰেপৰাই পুষ্টিহীনতাত ভুগি আছে তেন্তে তেওঁৰ গাখীৰ উৎপাদন কৰা ক্ষমতা কম হব পাৰে।

 

৫) সন্তান প্ৰসৱৰ সময়লৈকে যদি মাতৃ গৰাকীৰ স্তনৰ গ্ৰন্থিকলাসমূহ সম্পূৰ্ণকৈ পূৰঠ হৈ নুঠে, তেন্তে তেওঁৰ গাখীৰ উৎপাদন কৰা ক্ষমতা কম হব পাৰে।

 

৬)আগতে কেতিয়াবা পলিচিষ্টিক অভাৰিয়ান চিন্দ্ৰম (Polycystic Ovaries Syndrome-PCOS) ৰ দ্বাৰা আক্ৰান্ত মাহিলাসকলৰ ক্ষেত্ৰত সন্তান প্ৰসৱৰ পিছত গাখীৰ উৎপাদন কৰা ক্ষমতা কম হোৱা দেখা যায়।

 

৭) সন্তান প্ৰসৱৰ সময়ত বেছিকৈ ৰক্তক্ষৰণ হলে, তেনে মহিলাৰ ক্ষেত্ৰত গাখীৰ উৎপাদন কৰা ক্ষমতা কম হোৱা দেখা যায়।

 

৮) সন্তান প্ৰসৱৰ পিছত ৰিটেইন প্লেচেনটা(Retained Placenta)য়ে দেখা দিলে অৰ্থাৎ সন্তান প্ৰসৱৰ বহু সময়ৰ পিছলৈ মাতৃ শৰীৰৰ পৰা ফুল (Placenta) পৃথক নহলে তেনে মাতৃসকলৰ ক্ষেত্ৰত গাখীৰ উৎপাদন কম হোৱা দেখা যায়।

 

৯)সন্তান প্ৰসৱৰ আগতে যদি কোনো মহিলাৰ কোনো কাৰণত স্তনৰযুগলৰ কিবা অস্ত্ৰোপচাৰ হৈছে তেন্তে সেই মহিলা গৰাকীৰ ক্ষেত্ৰতো সন্তান প্ৰসৱৰ পিছত গাখীৰ উৎপাদন কম হোৱা দেখা যায়।

 

১০) গৰ্ভৱতী অৱস্থাত দেখা দিয়া কিছুমান ৰোগৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধৰ পার্শ্বক্ৰিয়া বাবেও কিছু মাতৃৰ ক্ষেত্ৰত গাখীৰ উৎপাদন কম হোৱা দেখা যায়।

 

১১) ধূম্ৰপান, মদ্যপান কৰা মাতৃসকলৰ ক্ষেত্ৰতো  সন্তানক উপযুক্তভাৱে খোৱাব পৰাকৈ গাখীৰ উৎপাদন কম হোৱা দেখা যায়।

 

১২) ৩৭ সপ্তাহতকৈ আগতে সন্তান প্ৰসৱ হলে তেনে পৰিঘটনাক প্ৰি টাৰ্ম লেবাৰ   ( Pre term labour) আৰু তেনে শিশুক প্ৰি টাৰ্ম (Pre term baby)বুলি কোৱা হয়। এনে প্ৰি টাৰ্ম শিশু জন্ম হলেও মাকৰ স্তনৰ পৰা গাখীৰ সহজতে নিৰ্গমন নহয়।

 

প্ৰতিকাৰ:

১) পানী শৰীৰৰ প্ৰয়োজনীয়তা অনুসৰি সেৱন কৰিব।

২)স্তনযুগলত দিনত দুবাৰমান কৈ অলপ গৰম সেক দিব।

৩) প্ৰয়োজনীয় অনুসৰি স্তনযুগলত দিনত দুবাৰমানকৈ লাহে লাহে মালিচ কৰিব।এনে কৰিলে গাখীৰ নিগৰি অহা নলীকাসমূহ কৰবাত যদি ব্লক হৈ আছে, ভালদৰে মুকলি হৈ পৰিব।

৪) প্ৰতিবাৰ সন্তানক স্তনপান কৰাৰ সময়ত অলপ কুহুমীয়া গৰম পানীৰে স্তনৰ আগ অংশ বা নিপলচ্ দুটা ভালদৰে ধুই লব।

৫) গাখীৰ ভালদৰে নোলালেও সহজত হতাশ হৈ নপৰিব।মাতৃ গৰাকীয়ে গাখীৰ ওলাৱ বুলি সদায় যোগাত্মক ধাৰণা এটা ৰাখিব লাগে। মনত নাৰ্ভাছনেছ এটা আহিলে গাখীৰ নিৰ্গমন কমকৈ হয়।

৬) সন্তানক বাৰে গাখীৰ খোৱাবলৈ চেষ্টা কৰি থাকিব লাগে। সন্তানে যিমান গাখীৰ চুহি খাই, সিমানে গাখীৰ নিৰ্গমন লাহে লাহে বেছি হয়।

৭) সন্তানে স্তনপান কৰাৰ সময়ত মাতৃ গৰাকীয়ে এটা বস্ত ভালদৰে ধ্যান দিব লাগে আৰু সেইটো হৈছে সন্তানটিয়ে ভালদৰে মাকৰ গাখীৰ হুপি খাইছে নে খোৱা নাই? আপোনাৰ সন্তানটিয়ে যিমানেই ভালদৰে আপোনাৰ গাখীৰ হুপি খাব,সিমানেই স্তনযুগলৰ পৰা গাখীৰ নিৰ্গমন বেছি হব।

৮)ভালদৰে গাখীৰ নিৰ্গমনৰ বাবে প্ৰয়োজন সাপেক্ষে ব্ৰিছ পাম্প(Breast Pump)ব্যৱহাৰ কৰিব পাৰে।মাৰ্কেটত আজিকালি কিছুমান ভাল ব্ৰিছ পাম্প পোৱা যায়।কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ আগতে প্ৰতিবাৰতে গৰম পানীৰে ভালদৰে ধুই লব।

৯) গাখীৰ নিৰ্গমন কমকৈ হৈ থাকিলে নিজৰ স্তনযুগল অলপ গৰম পানীৰে ধুই লৈ নিজে অলপ চেষ্টা কৰি অলপ অলপ কৈ বাতি এটাত চেপিলৈ গাখীৰ উলিয়াই সন্তানক এখন চামুচেৰে খুৱাব লাগে। এনেদৰে দিনত তিনিবাৰ চাৰিবাৰ কৈ সন্তান ক গাখীৰ খোৱালেও গাখীৰ নিৰ্গমন লাহে লাহে বেছি হৈ আহে।এনেদৰে সন্তানক গাখীৰ খোৱাৰ আগতে প্ৰতিবাৰতে বাতি আৰু চামুচখন গৰম পানীত উতলাই ধুই লৈ ব্যৱহাৰ কৰিব লাগে।

১০) মাতৃ গৰাকীৰ যদি ধূম্ৰপান, মদ্যপান কৰাৰ বেয়া অভ্যাস থাকে, তেন্তে তেওঁ‌ এইবোৰ ত্যাগ কৰিব লাগিব।

১১) স্তনপানৰ সময়ত গাখীৰ বৃদ্ধিৰ বাবে তলত দিয়া খাদ্যবোৰ গ্ৰহণ কৰিলে ভাল ফল লাভ কৰিব পাৰি-

ক) অমিতা,গাজৰ,সেউজীয়া শাক পাচলি, গৰু গাখীৰ, আনমল বাদাম,ডালিম,তৰবুজ,মুচুৰ ডাইল,চজিনা ইত্যাদি।

খ) সদায় সুশম আহাৰ গ্ৰহণ কৰিব।

গ)প্ৰটিন বেছি থকা খাদ্য বেছিকৈ গ্ৰহণ কৰিব। ।।    যেনে- মাছ,মাংস, কণী,ছয়াবিন,ৰাজমাহ আদি।

ঘ)গাখীৰৰ লগত মিহলাই অটচ (Oots)খাব ।

ঙ)লালচাহৰ লগত অলপমান মেথি গুটিৰ গুড়ি মিহলাই খাব। মেথি গুটিয়ে স্তনপানৰ সময়ত গাখীৰ উৎপাদন বৃদ্ধিত সহায় কৰে।

চ) সদায় ভাত খোৱাৰ অকণমান সময় পিছত অলপমান চফ গুটি মুখত লৈ চোবাই খাব। চফ গুটিৰো স্তনপানৰ সময়ত গাখীৰ উৎপাদন বৃদ্ধি কৰিব পৰা ভাল গুণ এটা আছে।

ছ) কফী,পদিনা আদি নাখাৱ আৰু ধম্ৰপান,মদ্যপান আদি নিচা নকৰিব।পাৰা (Mercury)অধিক পৰিমাণে থকা মাছ বোৰ নাখাব।

 

সামৰণি:

সন্তান প্ৰসৱ কৰাৰ ৩ দিন মান পিছৰ পৰা সাধাৰণতে মাক এগৰাকীৰ গাখীৰ তেওঁ স্তনৰ পৰা ভালকৈ নিৰ্গমন হবলৈ লোৱা দেখা যায়।প্ৰসৱ হোৱাৰ ৩ দিনতকৈ আৰু বেছি দিনলৈ যদি স্তনপানৰ বাবে  উপযুক্ত পৰিমাণৰ গাখীৰ সন্তানে খোৱাৰ বাবে নিৰ্গমন নহয় তেন্তে সেয়া অলপ চিন্তনীয় বিষয়।এনে ক্ষেত্ৰত কি হয়,সন্তানটিয়ে বেছি দিনলৈ মাকৰ গাখীৰ ভালকৈ খাবলৈ নোপোৱাৰ ফলত তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে কমি যায় আৰু নিউমনীয়া,গেষ্ট্ৰএনটাৰাইটিছ,পুষ্টিহীনতা আদি ৰোগৰদ্বাৰা সহজতে আক্ৰান্ত হবলৈ পায়।

হোমিঅপেথ্যিক চিকিৎসা পদ্ধতিত এই এগেলেকটিয়া(Agalactia) নামৰ সমস্যাটোৰ ভাল চিকিৎসা উপলব্ধ আছে আৰু ৰোগীৰ লক্ষণ ওপৰত ভিত্তি কৰি ভাল ঔষধ প্ৰদান কৰি এই সমস্যাবিধ নিবাৰণ কৰা হয়।

 

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল, নলবাৰী(অসম)

মবাইল-

৬০০০৬৭২১৮৫

ৱাটচ্ আপ-

৯০৮৫৮৫৯৭৫২

ই-মেইল

nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: