Overblog
Edit post Follow this blog Administration + Create my blog

কলপাতত আহাৰ গ্ৰহণৰ উপকাৰীতা
কলপাতত আহাৰ গ্ৰহণৰ উপকাৰীতা

কলপাতত আহাৰ গ্ৰহণৰ উপকাৰীতা
-------------------------------------

তাহানিৰ দিনৰে পৰা আমাৰ সমাজত চলি অহা এটা প্ৰৱণতা হৈছে কলপাতৰ ওপৰত আহাৰ গ্ৰহণ কৰাটো।তাহানিৰ দিনবোৰত গাঁৱৰ বিবাহ-সভা,ভোজ অথবা বনভোজবোৰত প্ৰায়ে আহাৰ গ্ৰহণ কৰিবলৈ কলপাত আৰু কেতিয়াবা কেতিয়াবা কলপতুৱাৰ ব্যৱহাৰ কৰা হৈছিল।কিন্তু দিন বাগৰি যোৱাৰ লগে লগে আমাৰ মানুহবোৰে এই উৎসৱ-পাৰ্বনবোৰত কলপাতৰ সলনি ডিছপজিৱেল প্লেটবোৰ ব্যৱহাৰ কৰিবলৈ ললে।ফলত কলপাতৰ ওপৰত আহাৰ গ্ৰহণ কৰা প্ৰৱণতাটোও লাহে লাহে কালৰ বুকুত বিলীন হবলৈ ধৰিলে। অৱশ্যে এতিয়াও কেতিয়াবা অসমৰ কোনো কোনো ঠাইত কোনে কোনে লোকে বনভোজ আদিত আহাৰ গ্ৰহণ কৰিবলৈ কলপাতৰ ব্যৱহাৰ কৰাতো দেখা যায়।ভাৰতবৰ্ষৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যসমূহৰ লোকসকলে এতিয়াও ঘৰে ঘৰে আহাৰ গ্ৰহণ কৰিবলৈ প্ৰধানকৈ কলপাতৰেই ব্যৱহাৰ কৰে।তেওঁলোকে কলপাতৰ ওপৰত আহাৰ পৰিবেশন অথবা আহাৰ গ্ৰহণ কৰাটো সন্মানৰ সূচক হিচাপে গণ্য কৰে।
এই কলপাতৰ ওপৰত আহাৰ গ্ৰহণ কৰা অভ্যাসটোৰ কেইবাটাও ধনাত্মক দিশ আছে।আহক আমি সেইকেইটা ইয়াত উল্লেখ কৰো-


১) স্বাস্থ্য সম্পৰ্কীয় দিশ-

কলপাতত বহুতো ঔষধি গুণাগুণ নিহিত হৈ থাকে।
কলপাতত প্ৰচুৰ পৰিমাণে পলিফেনল(Polyphenol)
নামৰ এবিধ এণ্টিঅক্সিডেণ্ট
(Antioxidant) থাকে। এই এণ্টিঅক্সিডেণ্ট বিধ 
গ্ৰীণ টি(Green tea)টো থকা দেখা যায়।কলপাতত নিয়মিত আহাৰ গ্ৰহণ কৰি থাকিলে, পলিফেনল(Polyphenol) নামৰ এণ্টিঅক্সিডেণ্টবিধে আমাৰ আহাৰৰ লগত মিহলি হৈ আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাৰ লগতে আমাৰ শৰীৰত দেখা দিব পৰা বহুতো সাম্ভাব্য 
Life style disorder বিলাক প্ৰতিৰোধত সহায় কৰে।
ইয়াৰোপৰি কলপাতত আহাৰ গ্ৰহণ কৰিলে তাত থকা মাইক্ৰফাইবাৰবিলাকে আমাৰ আহাৰৰ লগত মিহলি হৈ আমাৰ শৰীৰক ফাইবাৰ (fibre) যোগান ধৰে।ফলত ইয়াৰদ্বাৰা কোষ্ঠকাঠিণ্য(Constipation) আদি ৰোগ নিৰাময়ত সহায় হয়।
কিছুমান গৱেষণাত পোৱা গৈছে যে নিয়মিত কলপাতত আহাৰ গ্ৰহণ কৰি থাকিলে, মানৱ শৰীৰত সহজতে কৰ্কট ৰোগ হব নোৱাৰে।

কলপাত পোণপতীয়া কৈ ৰান্ধি খালে আমাৰ শৰীৰৰে তাক হজম কৰিব নোৱাৰে বাবে তাক ৰান্ধি নাখায় তাৰ ওপৰত আহাৰ লৈ খোৱা প্ৰথাটো অতীজৰে পৰা আমাৰ মাজত চলি আহিছে।

২)সন্তোষজনক গোন্ধ(Flavour)-

কলপাতৰ উপৰি ভাগত
অতি সামান্য মম জাতীয় পদাৰ্থ এটাৰ আৱৰণ এখন থাকে।কলপাতৰ ওপৰত আহাৰ ললে এই মম জাতীয় পদাৰ্থসমূহ আহাৰৰ লগত মিহলি হৈ এক সুকীয়া সৌগন্ধি(Flavour)প্ৰদান কৰে।ইয়াৰফলতে কলপাতত লোৱা আহাৰ আৰু অধিক মনোগ্ৰাহী আৰু জুতিপূৰ্ণ হৈ পৰে।আহাৰ গ্ৰহণৰ আগত অলপ পানীৰে কলপাতখন ভালকৈ ধুই ললেই ই সম্পূৰ্ণ পৰিস্কাৰ আৰু ব্যৱহাৰযোগ্য হৈ উঠে।

৩)কেমিকেল ফ্ৰি (Chemical Free)-

কলপাত হৈছে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে পৰিপূৰ্ণ প্ৰকৃতিয়ে আমালৈ দান কৰা এটা উপহাৰ,
যত কোনো ধৰণৰ ৰাসায়নিক   উপাদান নিহিত হৈ নাথাকে।
সেইবাবে কলপাতত আহাৰ গ্ৰহণ কৰাটো সদায়ে স্বাস্থ্যসন্মত। 

৪)পৰিবেশ প্ৰদূষণ মুক্ত কৰি ৰখাত সহায় কৰে
(Eco-friendly)


আজিকালি প্ৰায়ে দেখা যায় যে বিবাহ বা ভোজ এখন হৈ যোৱাৰ পিছত ঘৰৰ বাৰীৰ পিছফালে ডিছপছিৱেল  প্লেটৰ জাৱৰ ডম লাগি যায়।
বনভোজ বিলাকৰ সময়ত বনভোজস্থলীবোৰৰ কি অৱস্থা হয়,সেয়াটো ইয়াত উল্লেখে নকৰিলো।
এইবোৰ পুৰি পেলালেও বায়ু প্ৰদূষণ হয় আৰু ইয়াৰে কিছুমান ডিছপজিৱেল প্লেটটো এনে হয়, যি মাটিৰ লগত সম্পূৰ্ণ মিহলি হৈ যাবলৈ বহুত দিন সময় লয়।
কিন্তু কলপাতৰ ক্ষেত্ৰত এনে নহয়। ইয়াক ব্যৱহাৰ কৰি মাটিত পেলোৱাৰ ৫-৬ দিনৰ ভিতৰতে, ই মাটিৰ লগত সম্পূৰ্ণ মিহলি হৈ যায় আৰু মাটিৰ লগত মিহলি হৈ যোৱাৰ  পিছত ই মাটিৰ গুণাগুণ বৰ্তাই ৰখাটো সহায় কৰে।

৫) অৰ্থনীতিক দিশত
(Economic importance) কলপাতৰ গুৰুত্ব-

আমি এতিয়াৰে পৰা যদি বিবাহ- সভা, বনভোজ আনকি ঘৰতো কিছু পৰিমাণে  আহাৰ গ্ৰহণ কৰিবলৈ কলপাতৰ ব্যৱহাৰ কৰিবলৈ লও তেন্তে বজাৰত 
কলপাতৰ চাহিদা বৃদ্ধি পাব ধৰিব।যাৰফলত কলখেতি কৰিবলৈ লোৱা ঠলুৱা কৃষক আৰু
উদ্দমী ডেকা লৰাসকলে কলপাত বিক্ৰী কৰিও 
আৰ্থিকভাৱে কিছু লাভবান হব পাৰিব।


সামৰণি:

কলপাতত আহাৰ গ্ৰহণ আৰু আহাৰ পৰিবেশন এই দুয়োটায়ে হল স্বাস্থ্যসন্মত বিধি। ইয়াৰোপৰি ই প্ৰকৃতিৰ কোনো হানি নকৰে (Eco friendly & easily bio degradable)। 
দেখাত সৰু বস্তু যেন লাগিলেও কলপাতৰ উপকাৰী গুণাগুণ অপৰিসীম।
এইটো প্ৰবন্ধ পঢ়াৰ পিছত  আপুনিও কেতিয়াবা বনভোজ আদিত গলে কলপাতৰ ওপৰত আহাৰ গ্ৰহণ কৰি চাব পাৰে আৰু পৰিবেশ ৰক্ষাত অৱদান আগবঢ়াব পাৰে।


লিখক:

ডাঃনয়নজ্যোতি হাজৰিকা

গোৱৰাদল,নলবাৰী

মবাইল-৬০০০৬৭২১৮৫
ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: