Overblog
Edit post Follow this blog Administration + Create my blog

মৰিছা শাক আৰু ইয়াৰ উপকাৰীতা(Amaranth & it's Benefits)

মৰিছা শাক আৰু ইয়াৰ উপকাৰীতা

(Amaranth &  It's Benefits)

-----------------------------------

আমাৰ গাঁওসমূহত অতি সহজতে পোৱা কিছুমান শাক পাচলি, যিবিলাক আমি পাওঁ অতি সহজতে কিন্তু সেইবোৰ যে আমি খাই বহু ধৰণে উপকৃত হব পাৰো ,সেয়া আচলতে আমাৰ মনলৈ নাহে।যাৰফলত থলুৱা শাক পাচলিবোৰ আমাৰ মাজত অৱহেলিত হৈ পৰিছে আৰু ইয়াৰ উপকাৰীতাসমূহৰ পৰা আমি আতৰ হৈ পৰিছোঁ।এনেবোৰ অভ্যাসৰ বাবে আমি বাহিৰৰ পৰা আমদানিকৃত ৰাসায়নিক সাৰৰ দ্বাৰা উৎপাদিত শাক পাচলিসমূহৰ উপৰত নিৰ্ভৰশীল হৈ নতুন নতুন বেমাৰ আজাৰ আমাৰ মাজত চপাই লৈছোঁ।

আজি আমি তেনে এবিধ থলুৱা শাকৰ বিষয়ে ইয়াত আলোচনা কৰিব লৈছোঁ আৰু সেইবিধৰ নাম হৈছে মৰিছা শাক, যাৰ উপকাৰী গুণ অপৰিসীম।

আমাৰ গাঁওসমূহৰ মাজত সাধাৰণতে দুই ধৰণৰ মৰিছা শাক দেখিবলৈ পোৱা যায়, 

ক) ৰঙা মৰিছা শাক

(Red Amaranth)

Botanical name-Amaranthus dubius

আৰু

খ) সেউজীয়া মৰিছা শাক(Green Amaranth)

Botanical name-Amaranthus viridis.

এই দুই ধৰণৰ মৰিছা শাকৰ উপকাৰী গুণগত মানদণ্ড প্ৰায় একে।

তলত মৰিছা শাকৰ উপকাৰী গুণসমূহ উল্লেখ কৰা হৈছে।

মৰিছা শাকৰ উপকাৰী গুণসমূহ 

-----------------------------------

১) ইয়াত প্ৰচুৰ পৰিমাণে আইৰন উপলদ্ধ, যাৰ ফলত ই  তেজত হিমগ্লৱিণৰ পৰিমাণ বঢ়াই তেজৰ গুণগত মান উন্নত কৰাত সহায় কৰে।

২) ইয়াৰ পাত আৰু কান্দত প্ৰচুৰ পৰিমাণে আহ্ (Fibre) উপলদ্ধ। ফলস্বৰূপে ইয়াক নিয়মিতভাৱে পাচলি হিচাপে ৰান্ধি খালে কোষ্ঠকাঠিণ্য, পাইলচ্ আদি ৰোগৰ পৰা সকাহ পাব পাৰি।

৩) ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C পোৱা যায়।ফলস্বৰূপে ইয়াক নিয়মিত ভাৱে খালে ছালৰ উজ্বলতা বাঢ়ে,বিভিন্ন ভাইৰেল সংক্ৰমণৰ বিপক্ষে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ই স্কাৰ্ভি (scurvy) আদি বেমাৰ হবলৈ নিদিয়ে। ইয়াৰোপৰি এই ডেঠা শাক ভিটামিন K ৰ এটা অতি ভাল উৎস।

৪) ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন A পোৱা যায় আৰু ইয়াক নিয়মিতভাৱে ৰান্ধি খালে চকুৰ দৃষ্টি শক্তি প্ৰসৰ হয়।

৫) ই পটেছিয়াম(Potassium)ৰ ভাল এটা উৎস। পটেছিয়াম যুক্ত খাদ্যসমূহে উচ্চ ৰক্তচাপ (Hypertension) নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।ইয়াৰ লগতে ই হৃদযন্ত্ৰৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

৬) ইয়াৰ সেৱনে শৰীৰত বেয়া কলেষ্টৰলৰ (LDL)পৰিমান কমাই ৰখাত সহায় কৰে।ফলস্বৰূপে ই মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে আৰু ইয়াৰ লগতে আগতে উল্লেখ কৰাৰ দৰে হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন ৰোগসমূহ যেনে ইটচিমিক হাৰ্ট ডিজিছ(Ischaemic Heart Diseases)আদিবোৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

৭) এই মৰিছা শাক ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ এক উৎকৃষ্ট উৎস। ইয়াক নিয়মিত ভাৱে ৰান্ধি খালে ভিটামিন B কমপ্লেক্স শ্ৰেণীৰ ভিটামিনৰ অভাৱত হব পৰা ৰোগসমূহ নহয়।

৮) ই কেলছিয়াম(Calcium)ৰ আন এক উৎকৃষ্ট উৎস।ইয়াক নিয়মিতভাৱে খালে হাড়ৰ গঠন মজবুত হয় ।

৯)লাইচিন (Lysine)নামৰ এবিধ দৰকাৰী এমিন্ এচিড(essential amino acid) ৰ এক সুন্দৰ উৎস। এই লাইচিন এমিন্ এচিডে শৰীৰত এনাৰ্জি (energy) যোগান ধৰাত সহায় কৰাৰ লগতে শৰীৰত কেলচিয়াম ভালদৰে শোষণ (Calcium absorption)কৰাত সহায় কৰে।এই লাইচিন এমিন্ এচিডে চুলি সৰা ৰোধ কৰে আৰু ছালৰ উজ্বলতা বৃদ্ধিত সহায় কৰে।

১০) ইয়াত কেলৰিৰ পৰিমাণ কম আৰু সহজতে হজম কৰিব পৰা ফাইবাৰৰ (fibre)বেছি। সেইবাবে ডায়েবেটিচ ৰোগীসকলেও ইয়াক সহজে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে।

১১)ই প্ৰটিনৰো এটা ভাল উৎস। বাঢ়ি অহা লৰা ছোৱালীৰ দ্ৰুত শাৰীৰিক বিকাশ আৰু উৎকৃষ্ট দেহ গঠনৰ বাবে তেওঁলোকক পাচলি হিচাপে ৰান্ধি খোৱাৱ পাৰে।

সামৰণি:

----------

উপৰত উল্লেখ কৰাৰ দৰে মৰিছা শাকত খাদ্যৰ প্ৰায় সকলো লাগতিয়াল উপাদান যেনে-ভিটামিন, প্ৰটিন, এমিন্ এচিড,লাগতিয়াল খনিজ (আইৰণ,কেলছিয়াম, পটেছিয়াম),ফাইবাৰ আদিৰে পৰিপুষ্ট বাবে বাঢ়ি অহা লৰা ছোৱালী, ডেকা-বুঢ়া,গৰ্ভৱতী মহিলা আদি সকলোৱে পাচলি হিচাপে গ্ৰহণ কৰিব পাৰে।ইয়াৰোপৰি ইয়াত কম কেলৰি আৰু সহজতে হজম কৰিব পৰা ফাইবাৰ থকা বাবে ডায়েবেটিচ, মেদবহুলতা, হাইপাৰটেনচ আদি লাইফ ষ্টাইল ডিজিছ(Life style disorders) প্ৰতিৰোধী অতি উৎকৃষ্ট পাচলি।ইমানবোৰ ডাঙৰ ডাঙৰ গুণাগুণৰে পৰিপুষ্ট বাবে ইয়াক একপ্ৰকাৰৰ ছুপাৰ ফুদ(Superfood)হিচাবে বিবেচনা কৰিব পাৰি।

 

লিখক:

--------

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল,নলবাৰী(অসম)

মবাইল-৬০০০৬৭২১৮৫

ৱাটচ্ আপ-৯০৮৫৮৫৯৭৫২

ই মেইল-

nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: