Overblog
Edit post Follow this blog Administration + Create my blog

ভৰিৰ গেঢ়ুৱাৰ বিষ আৰু হোমিঅপ্যেথি(Heel Pain & Homoeopathy)

ভৰিৰ গেঢ়ুৱাৰ বিষ আৰু হোমিঅপ্যেথি

বয়সীয়াল লোকসকলৰ মাজত দেখা পোৱা এটা সমস্যা হৈছে ভৰিৰ গেঢ়ুৱাৰ বিষ । ইয়াক কেতিয়াবা যুৱক যুৱতীসকলৰ মাজতো দেখা পোৱা যায়।

কাৰণ:

তিনি প্ৰকাৰৰ বিশেষ কাৰণৰ বাবে ভৰিৰ গেঢ়ুৱাৰ বিষ হোৱা দেখা যায়------

১) কেলকেনিয়েল স্পুৰু-

এই ৰোগবিধত ভৰিৰ গেঢ়ুৱাৰ তল ফালে অৱস্থিত Calcaneous নামৰ হাড় বিধৰ পৰা এটা সৰু বুট মাহ আকাৰৰ সৰু হাড়ৰ টুকুৰা অলপ বাঢ়ি আহে আৰু এই বাঢ়ি অহা হাড় টুকুৰা কাষত অৱস্থিত‍ মাংসপেশীত বাৰে বাৰে লাগি থকা বাবে ভৰিৰ গেঢ়ুৱাৰ বিষৰ অনুভৱ হয়।

২)প্লেনটাৰ ফেচাইটিছ (Plantar fasciitis)-

প্লেনটাৰ ফেচিয়া(Plantar fascia) হৈছে ভৰিৰ তলৰ ফালে অৱস্থিত এবিধ সংযোজক কলা । শৰীৰৰ ওজন বৃদ্ধি হৈ ইয়াৰ ওপৰত পৰা হেঁচা ফলত,এই সংযোজক কলা বিধ কেতিয়াবা ফুলি উঠে,ফলস্বৰূপে ভৰিৰ গেঢ়ুৱাৰ বিষ হয়।

৩)শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে-

শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কেতিয়াবা ভৰিৰ গেঢ়ুৱাৰ বিষৰ সৃষ্টি হয়।

লক্ষণসমূহ :

১) সাধাৰণতে ভৰিৰ গেঢ়ুৱাৰ তলত বিষৰ অনুভৱ হয়।এই বিষ ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথমটো খোজ কাঢ়িবলৈ লোৱাৰ সময়ত বেছি হয়।

২) কেতিয়াবা ভৰিৰ গেঢ়ুৱাৰ চাৰিওফালে অলপ ফুলি উঠা দেখা যায়।

৩) সঠিক সময়ত সঠিক চিকিৎসা নকৰিলে পিছলৈ গোটেই দিনটো লৈ খোজকঢ়াৰ সময়ত অলপ অলপ কৈ বিষৰ অনুভৱ হৈ থাকে ।

হোমিঅপ্যেথিক চিকিৎসা-

ৰোগীজনৰ লক্ষণ অনুসৰি তলত দিয়া ঔষধসমূহ কোনো অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহন  কৰিব পাৰে -----

১) Colchicum 6 th,

২) Urtica Urens Q,

৩) Antim crudum 30,

৪) Rhustox 200,

৫) Bryonia Alba 200

৬)Calc flaur 6X

যোগাভ্যাস-

ঔষধ সেৱনৰ সমান্তৰালকৈ তলত উল্লেখ কৰা যোগাসন সমূহ নিয়মিতভাৱে কৰি আৰোগ্য লাভ কৰিব পাৰে ----

১) পদমুদ্ৰা

২) বজ্ৰাসন

৩)উস্ত্ৰাসন

৪)পদহস্তাসন

৫) অনুলম বিলম

 

লিখক-

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল,নলবাৰী(অসম)

What's app- 9085859752

          Phone-6000672185

Share this post
Repost0
To be informed of the latest articles, subscribe: