Overblog
Edit post Follow this blog Administration + Create my blog

কোষ্ঠকাঠিণ্যৰ ৰামবাণ "শঙ্খ-প্ৰক্ষালন"


 "কোষ্ঠকাঠিণ্য"ৰ ৰামবাণ"শঙ্খ-প্ৰক্ষালন"

"কোষ্ঠকাঠিণ্য"
(Constipation),আজিকালি প্ৰায় ৮০% মানুহৰ মাজত দেখা পোৱা এক সমস্যা।ইয়াক যোগাসনৰ মাধ্যমেৰে মসিমূৰ কৰিবলৈ এটা উপায় দিবলৈ লৈছোঁ আৰু এই উপায়টোৰ নাম হৈছে
"শঙ্খ-প্ৰক্ষালন"(Shankha Prakhalan).
এই "শঙ্খ-প্ৰক্ষালন" নামৰ প্ৰক্ৰিয়াটোৰ দ্বাৰা মানুহৰ পেটৰ ভিতৰত থকা ক্ষুদ্রান্ত্ৰ আৰু বৃহদ্ৰান্ত্ৰ অঞ্চল চাফা কৈ ৰাখিব পাৰি অৰ্থাৎ কোনে ধৰণৰ কোষ্ঠকাঠিণ্যৰ সমস্যা হব নোৱাৰাকৈ।

এই প্ৰক্ৰিয়াটোক
"শঙ্খ-প্ৰক্ষালন" বোলা হয় কাৰণ মানুহৰ পেটত থকা "অন্ত্ৰ"টো(colon)দেখাত প্ৰায় শংখ আকৃতিৰ আৰু 
প্ৰক্ষালন মানে হল পৰিষ্কাৰ কৰা।এই প্ৰক্ৰিয়াটোৰ জৰিয়তে মানুহৰ অন্ত্ৰ(colon) পৰিষ্কাৰকৈ ৰাখিব পাৰি বাবে ইয়াক "শঙ্খ-প্ৰক্ষালন" বুলি কোৱা হয়।

⏺️সম্পূৰ্ণ প্ৰক্ৰিয়াটো:

এই প্ৰক্ৰিয়াটো ৰাতিপুৱা খালী পেটত ১ ঘণ্টা মানৰ বাবে কৰিব লাগে। ৰাতিপুৱা ৬ টাৰ পৰা ৭ ভিতৰত কৰিব পাৰিলে ভাল।
এই যোগক্ৰিয়াটো কৰিবলৈ তলত দিয়া কামসমূহ কৰিব লাগে-
👉ক)১ লিটাৰ পানী এটা চচপেনত ৩৮ - ৪০ ৹ ছেলছিয়াছ উষ্ণতাৰ ভিতৰত গৰম কৰি লব লাগে।
👉খ) তাৰ পিছত তাত ১ টা সৰু নেমু টেঙাৰ ৰস আৰু ১ চামুচ নিমখ মিহলাই লৈ চামুচেৰে ভালকৈ ঘুটি লব লাগে।
👉গ) এতিয়া শৌচ কৰাৰ সময়ত বহাৰ দৰে বহি লৈ লাহে লাহে কৈ ২ পৰা ৩ গিলাছ পানী(আগতে প্ৰস্তুত কৰি লোৱা নিমখ আৰু নেমু ৰস মিহলি গৰম পানী) পি পেলাই খাব লাগে।
ইয়াৰ পিছত তলত দিয়া যোগাসনসমূহ একাদিক্ৰমে কৰিব লাগে। 
যোগাসনসমূহ একাদিক্ৰমে কৰাৰ পিছত শৌচ কৰিব গলে শৌচ নিয়াৰিকৈ মলদ্বাৰৰ পৰা ওলায় আহে,পেট সম্পূৰ্ণ চাফা হৈ পৰে।

এই যোগক্ৰিয়াৰ আসনসমূহ-
১)
টাদাসন(Tadasana)
https://youtu.be/t4EFxQDhA8A

২)ত্ৰিয়ক টাদাসন(Triyok-Tadasana)
https://youtu.be/NKp9DvzzZTo

৩)কতিচক্ৰাসন
(Katichakrasana)
https://youtu.be/voIKDOPHyqM

৪)ভূজাংগসন
(Bhujangasana)

https://youtu.be/MCenNjN4N2w

৫)উদাৰকাৰসন
(Udarakarshasana) or (Shankhasana)

https://youtu.be/TgnEbqwEkuY

এই আসন কেইটা একাদিক্ৰমে ২ বা ৩ বাৰ কৰাৰ পিছত ব্যক্তি গৰাকীৰ শৌচৰ অনুভৱ আহে আৰু এই সময়ত তেওঁ শৌচ কৰিব গলে তেওঁৰ সুন্দৰ আৰু সম্পূৰ্ণ শৌচ হয়।

⏺️শঙ্খ-প্ৰক্ষালন প্ৰক্ৰিয়াৰ উপকাৰীতা-

👉১)এই যৌগিক ক্ৰিয়াটোৰ প্ৰধান উপকাৰীতা হৈছে ই কোষ্ঠকাঠিণ্য(constipation) সম্পূৰ্ণ মসিমূৰ কৰে।

👉২) ই শৰীৰৰ পৰা দূষিত পদাৰ্থ সমূহ সম্পূৰ্ণকৈ শৰীৰৰ পৰা বাহিৰলৈ ওলাই দিয়ে।

👉৩)ভোক বঢ়ায়।

👉৪)ই ছালৰ উজ্বলতা বঢ়াই তোলে।

👉৫) ই ক্ষুদ্ৰান্ত্ৰ(small intestine) আৰু বৃহদ্ৰান্ত্ৰ( large intestine)সম্পূৰ্ণ পৰিষ্কাৰ কৰি দিয়ে।

👉৬) ই শৰীৰৰ তেজ পৰিষ্কাৰ কৰে।

👉৭)ক্ষুদ্ৰান্ত্ৰ(small intestine) আৰু বৃহদ্ৰান্ত্ৰ( large intestine)ত টিউমাৰ আদি হবলৈ নিদিয়ে।

👉৮) পিত্তদোষ সম্পৰ্কীয় ৰোগসমূহ প্ৰতিৰোধ কৰে।

⏺️কোনে কোনে শঙ্খ-প্ৰক্ষালন কৰিব নালাগে(Precautions)-
১) গৰ্ভৱতী মহিলা

২) শাৰীৰিকভাৱে দুৰ্বল 
ব্যক্তিয়ে ইয়াক কৰিব নালাগে।

৩) আগতে কিবা বেমাৰ বাবে যদি কিবা ছাৰ্জাৰী (surgery)কৰা গৈছে, তেনে ব্যক্তিসকলে শঙ্খ-প্ৰক্ষালন কৰিব নালাগে।

৪) হাৰ্নিয়া থকা ব্যক্তিসকলে।

৫) পিঠি আৰু মেৰুদণ্ডৰ বিষ থকা ব্যক্তিসকলে ইয়াক কৰিব নালাগে।

৬)হাইপ্ৰেচাৰ থকা সকলে এই প্ৰক্ৰিয়াটোত পানী খাবলৈ লোৱা পানীত কোনো নিমখ নিমিলাব।

"শঙ্খ-প্ৰক্ষালন" হল যোগশাস্ত্ৰসমূহত উল্লেখ থকা এটি সুন্দৰ যোগক্ৰিয়া।ইয়াক সপ্তাহত এবাৰ বা দুবাৰকৈ কৰি থাকিলে,পেট সম্পৰ্কীয় বহুতো ৰোগৰ পৰা হাতসাৰি থাকিব পাৰি।

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা
গোৱৰাদল, নলবাৰী
ৱাটছ আপ-৯০৮৫৮৫৯৭৫২
ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: