Overblog
Edit post Follow this blog Administration + Create my blog

দন্তৰোগৰ ৰামবাণ শোহনি বন

দন্তৰোগৰ ৰামবাণ শোহনি বন
----------------------------------------

অসমত পোৱা বিভিন্ন বনৌষধিৰ ভিতৰত "শোহনি বন" হল এটা উল্লেখযোগ্য বনৌষধি উদ্ভিদ।
অসমীয়া সমাজত বহাগ 
বিহুৰ সময়ত ১০১ বিধ শাক খোৱাৰ পৰম্পৰা বহু দিনৰে পৰা আমাৰ মাজত চলি আহিছে।এই ১০১ বিধ শাকৰ ভিতৰত
"শোহনি বন" শাক  অন্যতম।
"শোহনি বন"ক ইংৰাজীত "টুথেক প্লেন্ট"

(Toothache Plant) বুলি কোৱা হয়।উদ্ভিদ বিজ্ঞানৰ ভাষাত ইয়াক
Acmella oleracea বোলে।     
ইয়াক সাধাৰণতে ঘৰৰ চৌহদৰ ওচৰ-পাজৰৰ ঘাহনি বননিৰ মাজত হোৱা দেখা যায়।
বিভিন্ন ধৰণৰ
হাৰ্বেল মেডিছিন(Herbal Medicine) আৰু আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতিকৰণত ইয়াক ব্যৱহাৰ কৰা হয়।এই উদ্ভিদজোপাৰ ঔষধি গুণ অপৰিসীম।

তলত ইয়াৰ গুণাগুণবোৰ উল্লেখ কৰা হল-

১) এই শোহনি বন দন্তৰোগৰ মহষৌধ।দাতৰ বিষ হলে ইয়াৰ পাতৰ পেষ্ট(paste) বনাই বিষ থকা দাতত লগালে দাতৰ বিষ সোনকালে ভাল হৈ উঠে।দন্তৰোগত ই অতি ফলপ্ৰসূ বাবে ইয়াক 
ইংৰাজীত Toothache Plant বুলি কোৱা হয়

২)দাতৰ আলুৰ পায়ৰিয়া(Pyorrhoea)ৰোগ হলে ইয়াৰ ৰস আধা কাপ কুহুমীয়া গৰম পানীৰ লগত মিহলাই কুলুকুলু কৰিলে,উপসম পোৱা যায়।

৩)মুখৰ পৰা বেয়া গোন্ধ নিৰ্গত হলে(Halistosis),ইয়াৰ ৰসেৰে কুলুকুলু কৰিলে,মুখৰ গোন্ধ অলপ কমে।

৪)মুখগহ্বৰৰ ভিতৰত ছাল ছিঙিলে(Apthous stomatitis),ইয়াৰ চাৰিটামান পাত মোহাৰি দুদিনমানলৈ  তাত লগালে,সেই ছিঙা অংশ ভাল হৈ উঠে।

৫)শোহনি বনৰ পাত আৰু ফুলত এন্টিফাংগেল(Antifungal) আৰু এন্টিবেক্টেৰিয়েল
(Antibacterial)
গুণাগুণ নিহিত হৈ আছে।সেইবাবে শৰীৰত কৰবাত খৰ -খজুৱতি হলে,ইয়াৰ পাত খৰ হোৱা ঠাইত চাৰিদিনমান মোহাৰিলে,খৰ-খজুৱতি দূৰ হয়।

সামৰণি:
মুঠৰ ওপৰত শোহনি বন বহু আচ্যৰ্য্যকাৰী গুণাগুণেৰে ভৰপূৰ এক উদ্ভিদ।
ঘৰৰ আশে পাশে ই কেতিয়াবা গজি উঠিলেও ,ই পৰিবেশৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে।সেইবাবে কোনে কোনো ঠাইৰ পাৰ্ক,বাগিচা, ফুলনি আদিত ইয়াক Ornamental Plant হিচাপেও ৰোপন কৰা হয়।

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল, নলবাৰী
মবাইল-৬০০০৬৭২১৮৫

ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: