Overblog
Edit post Follow this blog Administration + Create my blog

অমেগা -৩ ফেটি এচিডৰ বিষয়ে কিছু কথা (Facts about Omega- 3 fatty acid)

অমেগা -৩ ফেটি এচিডৰ বিষয়ে কিছু কথা
(Facts about Omega- 3 fatty acid)

---------------------------


অমেগা -৩ ফেটি এচিড (Omega -3 fatty acids)এবিধ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ফেটি এচিড হয়, যাক আমাৰ শৰীৰে নিজে নিজে তৈয়াৰ কৰি লব নোৱাৰে, কিছুমান খাদ্যৰ পৰাহে আমাৰ শৰীৰে ইয়াক বাহ্যিকভাৱে আহৰণ কৰি লব পাৰে।

⏺️অমেগা -৩ ফেটি এচিড কাম-

👉১)অমেগা -৩ ফেটি এচিড খাদ্যৰ পৰা নিয়মীয়াকৈ পাই থাকিলে আমাৰ শৰীৰত বেয়া কলেষ্টৰলৰ(LDL)মাত্ৰা কমি থাকে ।ফলত উচ্চৰক্তচাপ,হাৰ্ট এটেক আদিৰ পৰা আমাৰ শৰীৰ সুৰক্ষিত হৈ থাকে।
ইয়াৰোপৰি ই শৰীৰত ভাল কলেষ্টৰল (HDL)বঢ়াই ৰখাত সহায় কৰে।

👉২) অমেগা -৩ ফেটি এচিড
থকা খাদ্য গ্ৰহণ কৰি থাকিলে
 ক্ষুদ্ৰান্তৰ কৰ্কট(Colon cancer),মহিলাৰ স্তনৰ কৰ্কট
আৰু পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ আদি সহজতে হবলৈ নাপায়।

👉৩) ই যকৃত বা লিভাৰৰ ওপৰত অতিৰিক্ত চৰ্বি জমা (fatty liver) হোৱাৰ পৰা ৰক্ষা কৰে।

👉৪)  অমেগা -৩ ফেটি এচিড থকা খাদ্যই মানসিক অৱসাদ(Depression)আদি দূৰ কৰাত সহায় কৰে।ইয়াৰোপৰি ই বয়োজেষ্ঠসকলৰ মাজত Dementia(কথা পাহৰা)ৰোগ হোৱাটো প্ৰতিৰোধ কৰে।

👉৫) গৰ্ভৱতী অৱস্থাত মহিলাসকলে অমেগা -৩ ফেটি এচিড থকা খাদ্য খালে পিছলৈ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ ভাল হয়।

⏺️ এতিয়া আমি জানো আহো কোন কোন খাদ্যত 
অমেগা -৩ ফেটি এচিড বেছিকৈ পাওঁ-

পালেং শাক,ব্ৰকলি,ফ্ৰেন্স বিন,ফুল কবি,ছজিনা,পটল,
ৰাজমাহ,চয়াবিন,
ছিয়া চিদছ্(chia seeds),সৰিয়হ গুটি,কাজু বাদাম,আনমলদ্ বাদাম,এভেকেদ্, গাখীৰ,দৈ,কণী,কড লিভাৰ অইল।
ইয়াৰোপৰি প্ৰায় সকলোধৰণৰ মাছ, 
অমেগা -৩ ফেটি এচিডৰ
এটা প্ৰধান আৰু ভাল উৎস।
এই মাছবোৰৰ ভিতৰত
সাগৰীয় মাছ যেনে-চলমন,টুনা আদি প্ৰধান।
আমাৰ অসমৰ নদ নদী,খাল-বিলসমূহত থলুৱাভাৱে পোৱা ৰৌ,ভকুৱা,ইলিছ,বাহু মাছ,কুহি মাছ,শৌল,শিঙি,মাগুৰ, কাৱৈ,চেং ,গৰৈ আদি মাছবোৰতো প্ৰচুৰ পৰিমাণে
অমেগা -৩ ফেটি এচিড থাকে।

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা
গোৱৰাদল, নলবাৰী(অসম)
ৱাটছ আপ-
৯০৮৫৮৫৯৭৫২
ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: