Overblog
Edit post Follow this blog Administration + Create my blog

পাইলছ বা কেচুমুৰীয়া ৰোগ আৰু ইয়াৰ চিকিৎসা(Piles Or Hemorrhoids and It's treatment)

পাইলছ বা কেচুমুৰীয়া ৰোগ
আৰু ইয়াৰ চিকিৎসা

---------------------


মানুহৰ মলদ্বাৰত থকা শিৰাবোৰ যেতিয়া ফুলি উঠে আৰু শৌচ কৰোঁতে অসুবিধা অনুভৱ কৰিবলৈ লয়,তেতিয়া এই অৱস্থাটোক পাইলছ(Piles) বা কেচুমুৰীয়া ৰোগ বুলি কয়।
চিকিৎসা বিজ্ঞানৰ 
পৰিভাষাত ইয়াক
Hemorrhoid বুলি কোৱা হয়।
যিবিলাক ব্যক্তিয়ে বহু দিনৰ পৰা কোষ্ঠকাঠিণ্য ৰোগত(Chronic Constipation)ভোগি থাকে,তেওঁলোকৰ মাজত এই ৰোগ হোৱাৰ আশংকা বেছি থাকে,কাৰণ তেঁওলোকে প্ৰতিবাৰেই শৌচ কৰোতে মলদ্বাৰত অতিৰিক্ত চাপ(Pressure) প্ৰয়োগ কৰিবলগীয়া হয়।ফলত মলদ্বাৰত থকা শিৰাবোৰ ফুলিবলৈ(Swollen)লয় আৰু আৰু শেষলৈ মলদ্বাৰৰ কিছু অংশ বাহিৰলৈ ওলাই আহে।সময়মতে চিকিৎসা নকৰিলে ই পিছলৈ গুৰুতৰ ৰূপ লয়।
এই ৰোগটোক
"কেচুমুৰীয়া"ৰ লগতে অৰ্শ ৰোগ বুলিও কয়।

গ্ৰেড বা পৰ্য্যায় হিচাপে পাইলছ ৰোগটোক চাৰিটা ভাগত ভাগ কৰা হৈছে-

১) গ্ৰেড -১(Grade-1):
এই পৰ্য্যায়টোক পাইলছ ৰোগৰ প্ৰাৰম্ভিক অৱস্থাখিনিক বুজায়।এই পৰ্য্যায়ত মলদ্বাৰত শৌচ কৰাৰ সময়ত অলপ 
অসুবিধাৰ অনুভৱ হয়।মলদ্বাৰৰ ভিতৰ ফালে সামান্য অংশ ফুলি উঠে(swelling),কিন্তু 
বাহ্যিকভাৱে সেই ফুলি উঠা অংশ প্ৰত্যক্ষ কৰিব নোৱাৰি।চিকিৎসকে কৰা Rectal Examination ৰ সময়তে ইয়াক ঠাৱৰ কৰিব পাৰি।এই পৰ্য্যায়ত শৌচ কৰাৰ সময়ত মলদ্বাৰৰ অংশবিলাক মলদ্বাৰৰ ভিতৰতে সোমাই থাকে, বাহিৰত ওলাই নাহে।এই পৰ্য্যায়ত শৌচ কৰাৰ সময়ত কেতিয়াবা অলপ ৰক্তক্ষৰণ হব পাৰে।

২)গ্ৰেড -২(Grade-2):
পাইলছৰ গ্ৰেড -১পৰ্য্যায়টোত সঠিক চিকিৎসা গ্ৰহণ নকৰাৰ ফলত ই গ্ৰেড -২ অৱস্থা পায়।
গ্ৰেড -২ পৰ্য্যায়টো গ্ৰেড-১ কৈ অলপ বেছি গুৰুতৰ।
এই পৰ্য্যায়ত মলদ্বাৰৰ বাহিৰৰ মুখ(পায়ু)ত অলপ মাংস উফন্দি উঠি অলপ ফুলা যেন হয় আৰু শৌচ কৰাৰ সময়ত বিষৰ অনুভৱ হয়।এই পৰ্য্যায়ত কেতিয়াবা
শৌচ কৰাৰ সময়ত মলদ্বাৰৰ অংশ অলপ মলদ্বাৰৰ পৰা বাহিৰত ওলাই আহিব পাৰে যদিও সি নিজে নিজে আঙুলিৰে নেঠেলাকৈয়ে মলদ্বাৰৰ ভিতৰত সোমাই যায়।

৩)গ্ৰেড -৩(Grade-3):
গ্ৰেড -২ পৰ্য্যায়ত এই ৰোগবিধক গুৰুত্ব প্ৰদান নকৰিলে ই 
গ্ৰেড -৩ পৰ্য্যায় পায়।এই পৰ্য্যায়ত শৌচ কৰাৰ সময়ত মলদ্বাৰৰ কিছু অংশ বাহিৰলৈ ওলায় আহে যদিও ইয়াক আঙুলিৰে ঠেলি দিলে,ই পুনৰাই মলদ্বাৰৰ ভিতৰত সোমাই যায়।

৪)গ্ৰেড -৪(Grade-4):
এই পৰ্য্যায়টো হৈছে পাইলছ ৰোগৰ অন্তিম পৰ্য্যায়।
এই পৰ্য্যায়ত মলদ্বাৰ সম্পূৰ্ণ বাহিৰলৈ ওলাই আহে,
আঙুলিৰে ভিতৰলৈ ঠেলি দিলেও ই ভিতৰলৈ সোমাই নাযায়।এই পৰ্য্যায়টো অতি গুৰুতৰ আৰু এই পৰ্য্যায়তে পাইলছ ৰোগী গৰাকীৰ পাইলছ সম্পৰ্কীয় বেলেগ বেলেগ জটিলতা(Complication)
আহিব পাৰে।

ইয়াৰ উপৰিও পাইলছ ৰোগক স্থান(region)অনুসৰি আৰু দুটা ভাগত ভগাব পাৰি।
মলদ্বাৰৰ অলপ ভিতৰত হলে ইয়াক
ইনটাৰনেল পাইলছ(Internal Piles) আৰু মলদ্বাৰৰ বাহিৰৰ মুখত হলে ইয়াক এক্সটাৰনেল(External Piles)পাইলছ বোলে।
 
ৰক্তক্ষৰণৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰিও ইয়াক দুটা ভাগত ভগাব পাৰি-

ব্লিডিং পাইলছ বা 
ৰক্তক্ষৰণযুক্ত পাইলছ
(Bleeding Piles)আৰু
নন ব্লিডিং পাইলছ(Non Bleeding Piles)বা ৰক্তক্ষৰণহীন পাইলছ।

পাইলছ বা অৰ্শ ৰোগৰ কাৰণসমূহ :

১) পুৰণি কোষ্ঠকাঠিণ্য ৰোগ(Chronic Constipation) ইয়াৰ এটা প্ৰধান কাৰণ হিচাপে দেখা দিয়ে।

২)বহুত পুৰণি গ্ৰহণী ৰোগো
(Chronic Dysentery) ইয়াৰ এটা কাৰণ হব পাৰে।

৩)প্ৰায়ে বেছি ওজন বস্তু দাঙি থকা (Heavy Lifting)বা কঢ়িয়াই ফুৰা ব্যক্তিসকলৰ এই ৰোগ হব পাৰে।

৪) গৰ্ভৱতী অৱস্থাতো কিছুমান মহিলাৰ এই ৰোগ দেখা দিয়ে।

৫) বয়োজেষ্ঠ অৱস্থাত এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে কাৰণ এই সময়ছোৱাত মলদ্বাৰৰ চাৰিওফালে থকা মাংসপেশী,শিৰা,ধমণী,নাৰ্ভ আদিবোৰ শিথিল হৈ পৰে।

৬)মেদবহুলতা(Obesity) হৈ শৰীৰৰ ওজন বৃদ্ধিৰ ফলতো এই ৰোগ হব পাৰে।

৭)কেতিয়াবা কেতিয়াবা বংশগত ভাৱেও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

এইবোৰ কাৰণৰ ওপৰিও তলত উল্লেখ কৰা কাৰকসমূহে এই ৰোগ হোৱাত উৎসাহ যোগায়-

ক)যিবিলাক ব্যক্তিয়ে অত্যাধিক মাছ-মাংস আৰু ভজা পুৰা বস্তু খায়,খাদ্যত  অত্যাধিক মছলা গ্ৰহণ কৰে,তেনে ব্যক্তিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক।

খ) যিবিলাক ব্যক্তিয়ে সময়ৰ আহাৰ সময়ত গ্ৰহণ নকৰে।

গ)যিবিলাক ব্যক্তিয়ে প্ৰায়ে ৰাতি টোপনি ক্ষতি কৰে আৰু কিবা কামৰ বাবে উজাগৰে থাকিব বিছাৰে,তেনে ব্যক্তিৰ ক্ষেত্ৰতোএই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়।

ঘ) ৰাগিয়াল বস্ত সেৱন কৰা সকলৰ ক্ষেত্ৰতোএই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।


পাইলছ বা অৰ্শ ৰোগৰ লক্ষণসমূহ (Clinical features of Piles):

১) প্ৰথম অৱস্থাত শৌচ কৰাৰ সময়ত অলপমান অসুবিধা অনুভৱ হয়।পিছলৈ শৌচ কৰাৰ সময়ত অলপ বিষ হবলৈ লয়।

২) এটা সময়ৰ পিছত, শৌচ কৰাৰ সময়ত বা শৌচ কৰাৰ পিছত মলদ্বাৰৰ মুখত অলপ জ্বলন অনুভৱ হয়।

৩) মলদ্বাৰৰ বাহিৰৰ মুখত কেতিয়াবা কেতিয়াবা অলপ খজুৱতি বা অলপ কিবা সৰু কাইটে বিন্ধি থকা যেন অনুভৱ হয়।

৪) কিছুমানৰ মলদ্বাৰৰ মুখত অলপ মাংস উফন্দি উঠে
আৰু শৌচ কৰাৰ সময়ত অলপ ৰক্তক্ষৰণ হয়।

৫) সমস্যাটো গুৰুতৰ হৈ আহিলে মলদ্বাৰৰ মুখত জ্বলন পোৰণৰ লগতে এটা ভাঢ়ি ভাঢ়ি ভাৱ অনবৰতে থাকিব।ফলত কৰবাত বহিবলৈ ললেও ব্যক্তি গৰাকীৰ অসুবিধাৰ(Discomfort) অনুভৱ হয়।

পাইলছ বা অৰ্শ ৰোগৰ পৰা হব পৰা সাম্ভাব্য জটিলতা(complications)

১) ৰক্তহীনতা(Anaemia):
পাইলছ বা অৰ্শ ৰোগত ভোগা ব্যক্তি এগৰাকীৰ বহু দিনৰে পৰা শৌচ কৰাৰ সময়ত যদি ৰক্তক্ষৰণ(Blood loss) হৈ আছে,তেন্তে সেই ব্যক্তি গৰাকীয়ে ৰক্তহীনতাত(Anaemia) ভোগীব পাৰে।

২)সংক্ৰমণ(Infection):
গ্ৰেড -৪(Grade-4) অৰ্শ ৰোগৰ ক্ষেত্ৰত মলদ্বাৰ যিহেতু সম্পূৰ্ণকৈ বাহিৰলৈ(Rectal Prolapse) ওলাইয়ে আহে,তেনে ক্ষেত্ৰত বাহিৰলৈ ওলাই অহা মলদ্বাৰত বেক্টেৰিয়েল ইনফেকছন(Bacterial Infection)ঘটিব পাৰে।

৩)ষ্ট্ৰেংগুলেটেড্ অৰ্শ ৰোগ(Strangulated Piles):
ইনটাৰনেল বা অন্তবৰ্তী অৰ্শ ৰোগ(Internal Piles)ক্ষেত্ৰত
কেতিয়াবা কি হয়,তালৈ ( অৰ্থাৎ ইনটাৰনেল অৰ্শ ৰোগ হোৱা ঠাইখিনিত ৰক্ত চলাচল কৰা শিৰাবোৰ বন্ধ হৈ যায়।এনেকুৱা হলে ইয়াক
ষ্ট্ৰেংগুলেটেড্ অৰ্শ ৰোগ(Strangulated Piles) বুলি কোৱা হয়।
এনে ক্ষেত্ৰত মলদ্বাৰত অসহনীয় বিষৰ উদ্ভৱ হয়।

প্ৰতিকাৰ আৰু যতন (Prevention & Care):

১) শৰীৰত লগা প্ৰয়োজনীয় পৰিমাণৰ পানী সদায় গ্ৰহণ কৰিব।

২)ৰাতি সোনকালে আহাৰ গ্ৰহণ কৰি সোনকালে শুই যাব চেষ্টা কৰিব আৰু ৰাতিপুৱা সোনকালে উঠাৰ যতন কৰিব।ভালদৰে Biological Clock টো মানি চলিব পাৰিলে,আপুনি এই ৰোগৰ পৰা আতৰত থাকিব পাৰিব।

৩)এই ক্ষেত্ৰত আয়ুৰ্বেদিক দিনাচৰ্য্য নিয়মটো মানি চলিলে আপোনাৰ বাবেই ভাল।অৰ্থাৎ
ৰাতিপুৱা ৰজাৰ দৰে আহাৰ গ্ৰহণ কৰিব,দুপৰীয়া প্ৰজাৰ দৰে আৰু ৰাতি ফকীৰৰ দৰে আহাৰ গ্ৰহণ কৰিব।
ৰাতি সদায় লঘু আহাৰ গ্ৰহণ কৰিব।

৪)পাইলছ আক্ৰান্ত মেদবহুল লোকসকলে অলপ লঘু ব্যায়াম কৰি শৰীৰৰ মেদ কমাব পাৰিলে,
এই ৰোগৰ (পাইলছ)পৰা অলপ সকাহ পাব পাৰিব।

৫) ৰাতিপুৱা সোনকালে উঠি লৈ সদায় অলপ প্ৰাতঃ ভ্ৰমণ কৰিব আৰু লগতে দিনতো অলপ লঘু শাৰীৰিক কাম কাজ কৰিব যতন কৰিব।

৬) ৰাগিয়াল বস্ত বা মাদক দ্ৰব্য আদি সেৱন নকৰিব।

৭)এই ৰোগ থকা 
ব্যক্তিসকলে বেছি ওজন থকা বস্তু দঙা বা কঢ়িওৱাৰ পৰা বিৰত থাকিব।

৮)সময়ৰ আহাৰ সদায় সময়ত গ্ৰহণ কৰিব।

৯) পাইলছ ৰোগত সদায় ফাইবাৰ বা আহ জাতীয় খাদ্য(Fibre rich foods) সমূহ বেছিকৈ গ্ৰহণ কৰিব ললে সুফল পাব।
এনে খাদ্য গ্ৰহণ কৰিলে আপোনাৰ কোষ্ঠকাঠিণ্য সমস্যাও আতৰ হৈ থাকিব।
ফাইবাৰ খাদ্য ভিতৰত তলৰবোৰ গ্ৰহণ কৰিব পাৰে।
যেনে-পালেং শাক, মূলা শাক,
মৰিছা শাক,জিলমিল শাক,ব্ৰকলি,পটল,স্কোৱাছ,
তিয়হ,অমিতা,ভেদাইলতা,
ভেন্দী,ছজিনা,ঢেঁকীয়া,
কোমোৰা,ৰঙালাও, পানিলাও,ফ্ৰেন্স বিন,গাজৰ,
কলদিল,কলপচলা ইত্যাদি।
ইয়াৰোপৰি ফলমূলৰ ভিতৰত
নাচপতি,পকা কল,পকা অমিতা,ডালিম, আপেল,তৰবুজ আদি ফল নিয়মীয়াকৈ সেৱন কৰিব পাৰে।

১০) ফাষ্ট ফুদ নাখাব।
ইয়াৰোপৰি অত্যাধিক তেল দি ভজা পুৰা বস্তু,অত্যাধিক জলকীয়া দি বনোৱা বস্তু নাখাব। মছলা দিয়া খাদ্য আৰু মাছ মাংস কমকৈ খাব।

যোগাসন:

১)অশ্বীনী মুদ্ৰা:
এই মুদ্ৰাটো পাইলছ ৰোগৰ মৌহষধৰূপী মুদ্ৰা।
ইয়াক সদায় ৰাতিপুৱা খালী পেটত ৫ মিনিট সময়লৈ কৰিব। এই মুদ্ৰাটো কৰিবলৈ প্ৰথমে আমি বজ্ৰাসনত বহি লব লাগিব।বজ্ৰাসনৰ সলনি পদ্মাসনতো বহিব পাৰে।এতিয়া উশাহ গ্ৰহণ কৰাৰ লগে লগে আপোনাৰ মলদ্বাৰটো ওপৰলৈ(টানি আনিব)সংকোচন কৰি আনিব আৰু নিশাহত শ্বাস এৰাৰ লগে লগে আপোনাৰ মলদ্বাৰটো তললৈ প্ৰসাৰিত(থেলি দিব-ঠিক শৌচ কৰাৰ সময়ত তললৈ থেলাৰ দৰে) কৰি দিব।এনেদৰে এই মুদ্ৰাটো সদায়ে ৰাতিপুৱাৰ ভাগত এবাৰকৈ কৰিব।

)যোগমুদ্ৰা: এই মুদ্ৰাটো যকৃত বা লিভাৰক সুৰক্ষা দিব পৰা উত্তম মুদ্ৰা। লিভাৰ সুস্থ হৈ থাকিলে কোষ্ঠকাঠিণ্য সহজতে নহয়।ফলত পাইলছ ৰোগো সহজতে হব নোৱাৰে।এই সদায় ৰাতিপুৱা খালী পেটত ৫ মিনিট সময় কৰিব।

৩)বজ্ৰাসন: এই আসনটো আপুনি সদায় দুপৰীয়া আৰু ৰাতি আহাৰ গ্ৰহণ কৰাৰ ১০ মিনিট মান পিছত কৰিব।
এই আসনটো প্ৰতিবাৰতে অতিকমেও ৩ মিনিট সময় কৰিব। এই আসনটো কৰিলে আপোনি গ্ৰহণ কৰা খাদ্যবোৰ আপোনাৰ পেটত ভালদৰে হজম হব।ফলত আপুনি গেছ-এচিডিটি,বদহজম,
কোষ্ঠকাঠিণ্য আদিবোৰ পেটৰ সমস্যা পৰা আতৰত থাকিব পাৰিব।ইয়াৰ লগতে পাইলছ ৰোগো আপুনাৰ পৰা দূৰত থাকিব।
বজ্ৰাসনটো হৈছে এটা এনেকুৱা আসন যাক আহাৰ গ্ৰহণ কৰাৰ পিছতো কৰিব পাৰি।


পাইলছ ৰোগত প্ৰাকৃতিক চিকিৎসাৰ সহায়:
(Naturopathy treatment in Piles)-

চিটছ্ বাথ(Sitz Bath)-
এই পদ্ধতিটো পাইলছ ৰোগ উপশমৰ বাবে অত্যন্ত লাভকাৰী।
এই পদ্ধতিত প্ৰথমে এটা চৰিয়াত সম্পূৰ্ণৰূপে ভৰ্তি কৰি কুহুমীয়া গৰম পানী (শৰীৰে সহ্য কৰিব পৰা ধৰণৰ)লোৱা হয়।তাৰ পিছত পাইলছ ৰোগীজনক চৰিয়াটোৰ ওপৰত দুয়ো ভৰি মেলি বহিবলৈ দিয়া হয় যাতে তেওঁৰ মলদ্বাৰ আৰু তপিনা(buttock) সম্পূৰ্ণৰূপে চৰিয়াৰ পানীত ডুব গৈ থাকে।
এই চিটছ্ বাথ(Sitz Bath) পদ্ধতিটো দিনত তিনিবাৰ মান কৰিব লাগে আৰু প্ৰতিবাৰতে অতিকমেও এনেকে চৰিয়াৰ ওপৰত ১৫ মিনিট মান সময় বহিব লাগে।
এই পদ্ধতিটো কৰিলে পাইলছ ৰোগী এজনৰ শৌচ কৰাৰ সময়ত যিবোৰ বিষ বা জ্বলা পুৰা (Burning)হয়,সেইবোৰ নোহোৱা হয় আৰু কোষ্ঠকাঠিণ্যৰ সমস্যাও অলপ দূৰ হয়।

পাইলছ ৰোগৰ হোমিঅপ্যেথিক চিকিৎসা--

ৰোগীজনৰ লক্ষণ অনুসৰি তলত দিয়া ঔষধসমূহ কোনো অভিজ্ঞ
হোমিওপ্যেথিক  
চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহন  কৰিব পাৰে -----

১)ব্ৰিম ষ্টন(Bream stone)-পাইলছ ৰোগী এজনৰ যদি শৌচ কৰাৰ সময়ত মলদ্বাৰত অতি বেছি জ্বলা -পুৰা(Burning) কৰিবলৈ লয় আৰু মলদ্বাৰৰ চাৰিওকাষ ৰঙা হৈ পৰে,তেন্তে  ব্ৰিম ষ্টন ঔষধটো তেওঁৰ বাবে উপযুক্ত হব।

২)এছিড নাইট্ৰিক(Acid nitric)-পাইলছ ৰোগী এজনৰ যদি শৌচ কৰাৰ সময়ত মলদ্বাৰত অতি বেছি বিষ হৈ অলপ ৰক্তক্ষৰণ হয় আৰু অনবৰতে মলদ্বাৰত কিবা কাইটে বিন্ধা মাৰি থকা যেন অনুভৱ হয়,তেন্তে এছিড নাইট্ৰিক ঔষধটো তেওঁৰ বাবে উপযুক্ত হব।

৩)কলিছনিয়া(Collisonia)-
গৰ্ভৱতী অৱস্থাত যদি কোনো মহিলাৰ পাইলছ হয়,তেন্তে কলিছনিয়া ঔষধটি তেওঁৰ বাবে উপযুক্ত বিবেচিত হব।এই ক্ষেত্ৰত তেওঁৰ মলদ্বাৰত অনবৰতে অকনমান 
খজুৱতিৰ (itching)অনুভূতি থাকিব।

৪)হেমামালিছ(Hamamelis)-পাইলছ ৰোগী এজনৰ যদি শৌচ কৰাৰ সময়ত, মলদ্বাৰৰ পৰা অতি বেছি পৰিমাণৰ ৰক্তক্ষৰণ(Bright Red fresh blood )হয়,তেন্তে হেমামালিছ ঔষধটোৱে সেই ৰোগীজনৰ  ক্ষেত্ৰত নিশ্চয়কৈ ভাল কাম কৰিব।

ব্যক্তি আৰু লক্ষণ অনুযায়ী ভিন ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন ভিন হোমিওপ্যেথিক ঔষধ আহিব পাৰে।সেই কাৰণে এজন অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সেৱন কৰাটো নিতান্ত প্ৰয়োজনীয়।

শল্য চিকিৎসাৰ সহায়(Surgical treatment):
পাইলছ বা অৰ্শ ৰোগৰ গ্ৰেড-১ আৰু গ্ৰেড-২ পৰ্য্যায় দুটাৰ লগতে গ্ৰেড-৩ পৰ্য্যায়টোও হোমিঅপ্যেথিক ঔষধ ব্যৱহাৰ কৰি ঠিক কৰিব পাৰি।
কিন্তু এই ৰোগ ইয়াৰ গ্ৰেড-৪ পৰ্য্যায়ত পোৱাৰ পিছত ই সম্পূৰ্ণকৈ ছাৰ্জিকেল পৰ্য্যায় পায়,যত সস্পূৰ্ণ ছাৰ্জাৰী(Surgery) বা
শল্য চিকিৎসাৰ সহায় লব লগা হয়।কাৰণ অৰ্শ ৰোগীজনৰ মলদ্বাৰ সম্পূৰ্ণ(Total Rectal Prolapse)বাহিৰলৈ ওলাই আহে।পাইলছ বা অৰ্শ ৰোগৰ
এই শল্য চিকিৎসাৰ 
পদ্ধতিটোক হিমৰই'দেক্টমী বা Hemorrhoidectomy বুলি কোৱা হয়।

সামৰণি:

পাইলছ ৰোগবিধ হৈছে একপ্ৰকাৰৰ life style disorder।
কাৰণ আমাৰ দৈনন্দিনত খোৱাৱোৱা নিয়মবোৰৰ ইফাল সিফাল হলেই এই ৰোগবিধ অতি সহজতে হয়।
সেইবাবে আমাৰ দৈনন্দিনৰ
খোৱাবোৱাবোৰ নিয়মিত আৰু নিয়ন্ত্ৰিত ভাৱে কৰিলে,এই ৰোগবিধৰ পৰা আমি বহুলাংশে আতৰি থাকিব পাৰো।

লিখক:

ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল, নলবাৰী(অসম)

মবাইল-৬০০০৬৭২১৮৫
ৱাটছ আপ-
৯০৮৫৮৫৯৭৫২
ইমেইল-
nayanfz@gmail.com

Share this post
Repost0
To be informed of the latest articles, subscribe: