Overblog
Edit post Follow this blog Administration + Create my blog

শালমইনা আৰু ইয়াৰ যোগ আৰু হোমিওপ্যেথিক চিকিৎসা(Pimples And It's Yogic & Homoeopathic Treatment)

      শালম‌ইনা আৰু ইয়াৰ যোগ আৰু          হোমিওপ্যেথিক চিকিৎসা    
-
----------------------------------------------------------------
-

শালম‌ইনা সাধাৰণতে ডেকা গাভৰু আৰু কিশোৰ কিশোৰীসকলৰ মাজত দেখা পোৱা এটা ছাল সম্পৰ্কীয় সমস্যা ।ডেকা-গাভৰু, কিশোৰ-কিশোৰীসকলৰ  মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা পোৱা যায়।
ই তেনে এটা গুৰুতৰ সমস্যা নহয় যদিও,শালম‌ইনা বেছিকৈ ওলোৱা ব্যক্তিৰ ক্ষেত্ৰত তেখেতৰ সৌন্দৰ্যত ই কিছু পৰিমাণে আঘাত হানে।
ইয়াক প্ৰধানকৈ মানুহৰ মুখমণ্ডলৰ ছালত হোৱা দেখা যায় যদিও কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত এই সমস্যাটো  কেতিয়াবা অলপ গুৰুতৰ হৈ আহি ডিঙিৰ তলৰ ছাল পৰ্য্যন্ত বিয়পি পৰা দেখা পোৱা যায়।

প্ৰক্ৰিয়া ‌‌ঃ-
--------------

যেতিয়া ছালৰ তলৰ ঘৰ্ম গ্ৰন্থিসমূহৰ পৰা ছিবাম (মম জাতীয় পদাৰ্থ) বেছি পৰিমাণে ক্ষৰিতঃ হবলৈ ধৰে, তেতিয়া ই ছালৰ সৰু সৰু ফুটাসমূহ বন্ধ কৰি পেলাই মুখমণ্ডলত কিছুমান সৰু সৰু গুটি আকৃতিৰ শালম‌ইনাৰ সৃষ্টি কৰে। এনেকুৱা শালম‌ইনাসমূহত সাধাৰনতে বিষৰ অনুভৱ নাথাকে। কিন্তু এনে শালম‌ইনাসমূহ কেতিয়াবা কিছুমান বেক্টেৰিয়াৰদ্বাৰা সংক্ৰমিত হলে তাত বিষৰ অনুভৱ হয়।ইয়াৰ পিছৰ পৰ্য্যায়ত ই অলপ পকি উঠে। সঠিক সময়ত এনে শালম‌ইনাসমূৰ উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে, তাত কিছুমান মৃত কোষ (Dead Cell)জমা হৈ পিছলৈ সেই ঠাইখিনিত কিছুমান কলা কলা দাগৰ সৃষ্টি কৰে ।ফলত যিজন ব্যক্তিৰ ক্ষেত্ৰত এনে হয়,তেওঁৰ সৌন্দৰ্য্য বৰ্দ্ধনত অলপ বাধা আহি পৰে আৰু এইবোৰৰ বাবে তেওঁৰ মনত অলপ হতাশা তথা হীনমাণ্যতাৰ সৃষ্টি হৱ পাৰে।

শালম‌ইনা সৃষ্টিৰ প্ৰধান কাৰণসমূহ   
------------------------------------------------

১) ছালৰ তলৰ ঘৰ্ম গ্ৰন্থিসমূহৰ বেছিকৈ ছিবাম ক্ষৰিতঃ হোৱাৰ ফলত -
২)কিশোৰ অৱস্থাত বেছিকৈ Androgen হৰমন নিঃক্ষৰিত হোৱাৰ ফলত, এই সময়ত এই হৰমনৰ প্ৰভাৱত বেছিকৈ শালম‌ইনা হোৱা দেখা পোৱা যায়।
৩) তেজ দূষিত হোৱাৰ ফলত-
৪) লিভাৰ বা যকৃত(Liver) কাৰ্য্যক্ষমতা ভাল নহলেও কিছুমান ক্ষেত্ৰত শালম‌ইনা হৱ পাৰে।

আন আন প্ৰভাৱিত কৰিব পৰা কাৰকসমূহ----

(ক) ৰাতি বেছি দেৰিলৈকে টোপনি ক্ষতি কৰি উজাগৰে থাকিলে।
(খ)সদায়ে বেছি তেলত ভজা আৰু অতিপাত মছলাযুক্ত খাদ্য গ্ৰহণ কৰি থাকিলে।
(গ) কেতিয়াবা কিছুমান প্ৰসাধন সামগ্ৰীৰ বেয়া প্ৰভাৱৰ ফলত ।
(ঘ)সঘনাই হৈ থকা মানসিক অশান্তি আৰু হতাশগ্ৰস্তাতাৰ ফলত।
(ঙ) অতিমাত্ৰা গৰম আৰু 
আৰ্দ্ৰতা বেছি থকা পৰিবেশত থাকিলে ।
(চ)মহিলাৰ মাহেকীয়া হোৱাৰ আগমূহূৰ্তত শৰীৰত হৰমন স‌ংক্ৰান্তীয় ক্ৰিয়াকালাপ বাঢ়ি যোৱাৰ প্ৰভাৱত দুই চাৰিটা শালম‌ইনা হোৱা কেতিয়াবা দেখা যায়।

নিজে নিজৰ লৱ পৰা পৰিচৰ্য্যা (Self Care) :
 

১) বাহিৰৰ পৰা ফুৰি অহাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগত, মুখমণ্ডলত সম্পূৰ্ণ পৰিস্কাৰ পানীৰে ধুনীয়া কৈ ধুই লৈ এখন পৰিস্কাৰ তথা শুকান কটনৰ কাপোৰৰে ভালকৈ শুকান কৈ মুচিৱ লাগে যাতে শালম‌ইনা হোৱা ঠাইত ধূলি মাকতি লাগি নাথাকে আৰু বেক্টেৰিয়াজনীত স‌ংক্ৰমণ নহয়।
২)পানী বেছিকৈ খাৱ লাগে।
৩) মধুৰীআম, ডালিম,তিয়হ  আদি Antioxidants বেছি থকা ফলমূলবোৰ বেছিকৈ খাৱ লাগে।ইহতে ছালৰ উজ্বলতা বৃদ্ধিত সহায় কৰে।
৪) ইয়াৰ লগতে কোষ্ঠকাঠিণ্য আতৰাই ৰাখিবলৈ আহ্ জাতীয় খাদ্য বেছিকৈ সেৱন কৰিব লাগে।
৫)ৰাতি সোনকালে শুৱ যত্ন কৰিব লাগে।এটা ভাল টোপনি এই ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়।
৬) বেছি তেলত ভজা খাদ্য, অত্যন্ত জলকীয়া আৰু মছলা দি ৰন্ধা খাদ্যবোৰ বৰ্জন কৰিব লাগে।ফাষ্ট ফুদবিলাকৰ পৰা আতৰত থাকিব লাগে।
৭)মদ্যপান,ধূম্ৰপান আদি ৰাগীয়াল বস্তুসমূহ সম্পূৰ্ণ বাদ দিব লাগে।
৮) যদি হতাশা আৰু অত্যধিক মানসিক চিন্তাৰ বাবে যদি শালম‌ইনা হৈছে তেন্তে এইবোৰ পাহৰি থাকিবলৈ অন্য কোনো গঠনমূলক কামত মনোনিবেশ কৰিব লাগে।

যোগ চিকিৎসা ::::
----------------------

১) যোগামুদ্ৰা (Yogamudra)- ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে ---ই লিভাৰৰ সকলো সমস্যা দূৰ কৰে।

২) ভদ্ৰাসন(Butterfly pose)-
ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে।
মহিলাৰ মাহেকীয়া সংক্ৰান্তীয় সকলো সমস্যা দূৰ  কৰে।

৩) বজ্ৰাসন(Bajrasana)-
ৰাতি ভাত খোৱাৰ ১০ মিনিটৰ পিছত ৫ মিনিটৰ বাবে।এই আসনে খাদ্য ভালদৰে হজম হোৱাত আৰু ৰাতি ভাল টোপনি হোৱাত সহায় কৰে।

৪) শৱাসন(Savasana)-
ৰাতিপুৱা খালী পেটত ৫ মিনিটৰ বাবে ।ইয়াক নিয়মিত ভাৱে কৰিলে মানসিক হতাশা, চিন্তা আদি দূৰ কৰে।

৫) অনুলম-ভিলম আৰু কপালভাতি প্ৰাণায়াম-ৰাতিপুৱা খালী পেটত ,উভয়কে ৫ মিনিট কৈ কৰিব। এই দুটা প্ৰাণায়ামে শৰীৰৰ দূষিত বায়ুবোৰ আতৰাই পঠায় আৰু লগতে শৰীৰৰ দূষিত তেজ পৰিস্কাৰ কৰাত সহায় কৰে(They act as Blood purifier)।

৬)শীতলী প্ৰাণায়াম
(Shitali Pranayam)-
ৰাতিপুৱা খালী পেটত ২ মিনিটৰ বাবে। এই প্ৰাণায়ামে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে আৰু শৰীৰত অতিৰিক্ত গৰম সোমালে তাক বাহিৰ কৰি দিয়ে।

শালম‌ইনাৰ হোমিওপ্যেথিক চিকিৎসা-----
-----------------------------------------

ৰোগীজনৰ লক্ষণ অনুসৰি তলত দিয়া ঔষধসমূহ কোনো অভিজ্ঞ
হোমিওপ্যেথিক  
চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহন  কৰিব পাৰে -----
১) Berberis Aquifollium
২) Kali Bromatum 
৩) Asterius Rubens 
৪) Pulsatilla 
৫) Calc Sulph 
৬) Calc Carb 
৭) Hepar Sulph
৮) Silicea
৯) Belladona
১০) Sulphur
১১)Juglans Regia

ব্যক্তি আৰু লক্ষণ অনুযায়ী ভিন ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন ভিন হোমিওপ্যেথিক ঔষধ আহিব পাৰে।সেই কাৰণে এজন অভিজ্ঞ হোমিওপ্যেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সেৱন কৰাটো নিতান্ত প্ৰয়োজনীয়।

লিখক-
ডাঃ নয়নজ্যোতি হাজৰিকা

গোৱৰাদল,নলবাৰী(অসম)
What's app- 9085859752
          Phone-6000672185

Share this post
Repost0
To be informed of the latest articles, subscribe: